Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত ভূমি পট্টাৰ নামত ধন সংগ্ৰহৰ অভিযোগ : জেললৈ লাট মণ্ডল

পৰাণজ্যোতি বৰা, মাজুলী, ১৫ অক্টোবৰ : সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১ লাখ ভূমিহীনক মাটিৰ পট্ৰা প্ৰদানৰ আচনিৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকৰ পৰ...

পৰাণজ্যোতি বৰা, মাজুলী, ১৫ অক্টোবৰ : সোনোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে ১ লাখ ভূমিহীনক মাটিৰ পট্ৰা প্ৰদানৰ আচনিৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকৰ পৰা পট্ৰা প্ৰদানৰ নামত একাংশ লাট মণ্ডলে ধন সংগ্ৰহত নামি পৰিছে।কিছু লাট মণ্ডলে এই দুষ্কাৰ্য্য কৰি ধৰা পৰিছে কিছু কিছু এতিয়াও ধৰা পৰা নাই।মুখ্যমন্ত্ৰীৰ সমষ্টিৰো একাংশ লাট মণ্ডলে মাটিৰ পট্ৰা প্ৰদানৰ নামত লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে।তেনে এক অভিযোগতেই আজি ৰঙাচাহী ১নং লাটত মণ্ডল বিতোপন দাসক গ্ৰেপ্তাৰ আৰক্ষীয়ে আজি জেললৈ প্ৰেৰণ কৰে।জেংৰাইমূখ থানাৰ Case No- 97/Section 384/506/34 IPC ধৰাৰ গোচৰৰ ভিত্তিত দাসক আজি জেললৈ প্ৰেৰণ কৰে।তেওঁৰ বিৰুদ্ধে আছে ৪৬ জন লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ । অৱশ্যে মণ্ডল বিতোপন দাসে জেললৈ যোৱাৰ আগ মুহূৰ্তত  সংবাদ মাধ্যমৰ সন্মুখত তেওঁ  ষড়যন্ত্ৰৰ বলি হোৱাৰ কথা  উল্লেখ কৰে।ইয়াৰ উপৰিও ধন সংগ্ৰহত জড়িত থকা গকুল  নৰহ নামৰ এজনকো জেললৈ প্ৰেৰণ কৰে। 

No comments