Page Nav

HIDE

বিজেপি ত্যাগ কৰি অগপত যোগদান ভোজপুৰী গীতৰ সম্ৰাজ্ঞী কল্পনা পাটোৱাৰীৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ ঃ গেৰুৱা দল বিজেপিৰ প্ৰতি মোহ ভংগ হৈছে ভোজপুৰী গীতৰ সম্ৰাজ্ঞী কল্পনা পাটোৱাৰীৰ। বিজেপি ত্যাগ কৰি আজি আন...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ অক্টোবৰ ঃ গেৰুৱা দল বিজেপিৰ প্ৰতি মোহ ভংগ হৈছে ভোজপুৰী গীতৰ সম্ৰাজ্ঞী কল্পনা পাটোৱাৰীৰ। বিজেপি ত্যাগ কৰি আজি আনুষ্ঠানিকভাৱে আঞ্চলিক দল অসম গণ পৰিষদত যোগ দিলে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে। দুবছৰ পূৰ্বে বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছিল কল্পনা পাটোৱাৰীয়ে। আজি গেৰুৱা দল ত্যাগ কৰি সভাপতি অতুল বৰাৰ উপস্থিতিত আঞ্চলিকতাবাদীৰ সাজ পৰিধান কৰে। ভোজপুৰী গীতৰ সম্ৰাজ্ঞী কল্পনা পাটোৱাৰীয়ে অগপত যোগ দিয়াৰ পিছতে বিভিন্ন মহলত চৰ্চা চলিছে যে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অগপৰ টিকটৰ পৰা বিধায়ক হোৱাৰ মন মেলিছে কণ্ঠশিল্পীগৰাকীয়ে। চৰ্চা মতে ‘ভোজপুৰী কুইন’ কল্পনা পাটোৱাৰীৰ লক্ষ্য সৰভোগ সমষ্টি। আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা অগপৰ টিকট বিচাৰিব কল্পনা পাটোৱাৰীয়ে। পূৰ্বে ৰাজ্যসভালৈ যোৱাৰ উদ্দেশ্যে পাটনাত বিজেপিৰ সেই সময়ৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিছিল পাটোৱাৰীয়ে। বিজেপি দলত যোগদান কৰি তেনে সুবিধা লাভ নকৰাত কল্পনা পাটোৱাৰীয়ে শেহতীয়াকৈ ৰাজ্যত ৰাজনীতি কৰা বিশেষকৈ বিধায়িকা হোৱাৰ বাসনাৰে শুকুৰবাৰে অসম গণ পৰিষদ দলত যোগ দিয়ে। অগপত যোগ দি অসমীয়াৰ ৰক্ষাকৱচৰ কথা উল্লেখ কৰে কল্পনা পাটোৱাৰীয়ে। আজি যোগদান কাৰ্যসূচীত উপস্থিত আছিল অগপৰ সভাপতি মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী। একেটা অনুষ্ঠানতে আন কে’বাটাও দলৰ কে’বাজনো ব্যক্তিয়ে অসম গণ পৰিষদত যোগ দিয়ে।