Page Nav

HIDE

মাজুলী সুৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগত মাজুলীত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱৰ প্ৰতিকৃতি দাহ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ' বেগ  ধ্বনিয়ে উত্তাল কমলাবাৰী  পৰাণজ্যোতি বৰা, মাজুলী, ১২ অক্টোবৰ :  ২০০৪ বৰ্ষৰ পৰা মাজুলীৰ ভৌগোলিক সুৰ...

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গ' বেগ  ধ্বনিয়ে উত্তাল কমলাবাৰী 


পৰাণজ্যোতি বৰা, মাজুলী, ১২ অক্টোবৰ :  ২০০৪ বৰ্ষৰ পৰা মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় সংস্থা ব্ৰহ্মপুত্ৰ বৰ্ডে মাজুলীৰ ভৌগোলিক সুৰক্ষাত ব্যৰ্থ হোৱা অভিযোগত বৰ্ডৰ অধ্যক্ষ  ৰাজীৱ যাদৱৰ প্ৰতিকৃতি দাহ কৰে কমলাবাৰী আঞ্চলিক ছাত্র সন্থাই।শেহতীয়াকৈ খহনীয়াৰ কৱলত পৰি মাজুলীৰ  বৃহত্তৰ ভকতচাপৰি অঞ্চলৰ কেবাটাও পৰিয়ালে ভেটি মাটি হেৰুৱাব লগা হোৱাত  গড়াখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে আজি মধ্য মাজুলী  কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাই কমলাবাৰীত পুৱা ১১ বজাত  ব্ৰহ্মপুত্র বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱৰ প্ৰতিকৃতি দাহ আৰু পথ অৱৰোধ কাৰ্য্যসূচীৰে প্ৰতিবাদ জনায়। প্ৰতিবাদ কাৰি সকলে মাজুলী সুৰক্ষা দিব নোৱাৰা ব্ৰহ্মপুত্ৰ বর্ড গ'বেগ, টি: কে: ইঞ্জিনীয়াৰিং গ'বেগ, বিজেপি চৰকাৰ হায় ,হায়, মুখ্যমন্ত্ৰী গ'বেগ আদি ধ্বনি দি উত্তাল কৰি তোলে। প্ৰতিবাদ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা দীপক নেওগে কয় জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল অসমৰ মুখ্যমন্ত্ৰী হ'ল মাজুলীত বছৰ বছৰ ধৰি খহনীয়া হৈ আছে কোনো সুৰক্ষা দিব পৰা নাই শেহতীয়াকৈ ভকত চাপৰিত কেবাটাও পৰিয়াল খহনীয়াত জাহ গল, আৰু সেই পৰিয়াল কেইটাৰ কোনো সংস্থাপন দিয়া নাই আৰু মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বর্ডৰ কোনো বিষয়া সেই স্থানত উপস্থিত হোৱা নাই আৰু ঠিক লাভ কৰা , টি: কে: ইঞ্জিনীয়াৰিং কোম্পানীক অসম চৰকাৰ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে নাকি লগাব পৰা নাই যাৰ ফলত কোম্পানীটোৱে মইমতালিয়ে কাম কৰি আছে আৰু এই কাৰ্যসূচীৰ পৰা আমি সকীয়াই দিছো অনাগত দিনত যদি সেই স্থানত খহনীয়া হৈ থাকে আমি ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লম আৰু অসম চাৰকাৰকো সকীয়াই দিছো ব্ৰহ্মপুত্ৰ বৰ্ডৰ যোগেদি শীঘ্ৰে সুৰক্ষাৰ ব্যৱস্থা কৰক।এই কাৰ্যসূচীত মধ্য মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সম্পাদকৰ লগতে বিষয়ববীয়া সকল উপস্থিত থাকে। উল্লেখযোগ্য যে মাজুলীৰ সুৰক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিছিল ২৩৮ কোটি টকাৰে  ব্ৰহ্মপুত্ৰ বৰ্ডে ২৭ কি:মি: বেংক ৰিবেন্টমেন্ট আৰু ৪১ খন আৰ.চি.চি পাৰ্কুপাইন নিৰ্মাণৰ বাবে ১৭৮ কোটি টকা নিবিদা আহ্বান কৰি টি: কে: ইঞ্জিনীয়াৰিং  কনচৰটিয়াম নামৰ অৰুণাচলৰ ব্যক্তিগত কোম্পানীক নীতিগত ভাৱে কাম কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। আৰু সেই অনুসৰি কাম কৰা কোম্পানীতোৱে আজি পৰ্যন্ত মাজুলীৰ সুৰক্ষাৰ কাম শেষ কৰিব নোৱাৰিলে।বাৰে বাৰে বৰ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা পাছতো বগা হাতীত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডক নাকী লগাব পাৰিবনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বুলিও প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰী সমষ্টি মাজুলীত।