ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১৫ অক্টোবৰ : যোৰহাট তথা অসমৰ বিশিষ্ট কবি স্বপ্না বৰঠাকুৰে অলপতে বাংলাদেশ চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় ...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,১৫ অক্টোবৰ : যোৰহাট তথা অসমৰ বিশিষ্ট কবি স্বপ্না বৰঠাকুৰে অলপতে বাংলাদেশ চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সংগঠনৰ গোট "স্বপ্ননীল সাহিত্য পৰিষদ"ৰ যোগেদি দৈনিক কবিতা প্ৰতিযোগিতাত ইংৰাজী কবিতা nothing new কবিতাটোত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰয়াস প্ৰকাশন গোষ্ঠীৰ তৰফৰ পৰা কাব্য ৰত্ন বঁটাপ্ৰাপক এইগৰাকী কবিয়ে পূৰ্বতে "চিৰচেনেহী ভাষা-সংস্কৃতি গোট, অসম"ৰ তৰফৰ পৰা কবিতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। স্বপ্না বৰঠাকুৰৰ বৰ্তমান অসমীয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইংৰাজী, বাংলা ভাষাতো প্ৰকাশ হৈ আহিছে।
No comments