Page Nav

HIDE

আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে সাজু কৃষক মুক্তিঃ ৭০ সংগঠনৰ নেতৃত্বত গঠন হ’ব ঐক্যবদ্ধ-আপোচহীন দল

২ অক্টোবৰত ঘোষণা হ ’ ব নতুন ৰাজনৈতিক দলৰ নাম ষ্টা ফ ৰিপ ’ ৰ্টাৰ , গুৱাহাটী ঃ আছু আৰু   অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদে আঞ...


অক্টোবৰত ঘোষণা নতুন ৰাজনৈতিক দলৰ নাম

ষ্টা ৰিপৰ্টাৰ, গুৱাহাটী আছু আৰু  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আঞ্চলিক দল গঠন কৰি আগন্তুক নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক ঐক্যবদ্ধ-আপোচবিহীন প্ৰগতিশীল ৰাজনৈতিক দল গঠনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা ঘোষণা কৰিছে উল্লেখ্য যে আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰচেষ্টাত অসম জাতীয় পৰিষদ গঠন হৈছিল যদিও নতুন দল গঠন কৰাৰ ক্ষেত্ৰত কৃষক মুক্তিক চামিল কৰা নাছিল আছু আৰু যুৱ-ছাত্ৰ পৰিষদে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক আৰু আপোচকামী ৰাজনীতিক পৰাস্ত কৰিবলৈ লে অসমত সকলো সংগঠন একগোট লাগিব বুলি কৃষক নেতা অখিল গগৈয়ে বাৰম্বাৰ চিঞৰি আছিল যদিও আছুৱে পৃথকে আঞ্চলিক দল গঠন কৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ঐক্যবদ্ধ হোৱাৰ বাবে অপেক্ষা কৰিছিল যদিও শেষমুহূৰ্তলৈ কোনো সঁহাৰি নহাত পৃথকে আঞ্চলিক দল গঠন কৰাৰ কথা ঘোষণা কৰিছে 

এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৱে জানিবলৈ দিয়া মতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সন্মিলিত নেতৃত্বত এটা ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল সুস্থ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল গঠন কৰিবলৈ সাজু হৈছে এই দলটো এটা ঐক্যবদ্ধ দল হোৱাৰ লগতে সকলোকে সামৰি লোৱা দল বুলি উল্লেখ কৰি এই নতুন ৰাজনৈতিক দলটোত ৭০টা সংগঠনত নথকা এটা জাতীয় সংগঠনো এই নতুন দলটোৰ অংশীদাৰ এটা আঞ্চলিক ৰাজনৈতিক দলেও এই দলটোত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দি সমূহীয়া নেতৃত্বৰে সকলোৰে সদ্ভাৱ-সম্প্ৰীতি, পাৰস্পৰিক বুজাবুজি আৰু কেৱল জাতীয় স্বাৰ্থ আৰু জনগণৰ মঙ্গলৰ বাবে এই দল গঠন কৰিবলৈ ওলোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিয়ে ইতিমধ্যে দলটোৰ বাবে এখন খচৰা সংবিধান তৈয়াৰ কৰা হৈছে আৰু নীতি, উদ্দেশ্য, লক্ষ্য আৰু কৰ্মপন্থা সূত্ৰবদ্ধ কৰা হৈছে

৭০টা সংগঠনৰ বেছিভাগ সংগঠনেই নিজৰ নিজৰ প্ৰতিনিধি লিখিতভাৱে প্ৰেৰণ কৰিছে সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ মাজত ইয়াৰ বাবে পূৰ্বে অনুষ্ঠিত আলোচনা-বিলোচনা মৰ্মে নতুন দল গঠনৰ ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আগবাঢ়িছে যোৰহাট, গুৱাহাটী, বঙাইগাঁৱত অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট লোকসকলৰ লগত এই সন্দৰ্ভত মত বিনিময় কৰা হৈছেকাবিৰোধী ছাত্ৰ সমাজ, শিল্পী সমাজ, বুদ্ধিজীৱী, লেখক সমাজৰ সৈতেও আলোচনা অনুষ্ঠিত কৰা হৈছে অহা অক্টোবৰৰ দিনৰ ১১ বজাত এই নতুন দলটোৰ নাম ঘোষণা কৰা বুলি সংগঠনটোৱে জানিবলৈ দিয়াৰ লগতে নতুন দলৰ ৰাজ্যিক আহবায়ক, উপদেষ্টা মণ্ডলী, মুখ্য ৰাজ্যিক আহবায়কৰ এখন শক্তিশালী তালিকা প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দি ইয়াত সম্ভৱপৰ সকলো জাতি-জনগোষ্ঠীক সামৰি লোৱা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিছে