Page Nav

HIDE

ধুবুৰীত আৰক্ষী অধীক্ষৰ কাৰ্য্যালয় ঘেৰাও কাৰ্য্যসুচী কংগ্ৰেছৰ

চৈয়দ নুৰুল আমিন, ধুবুৰী ঃ সমগ্ৰ ৰাজ্যতে  কঁপাই যোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী, এক উচ্চ পৰ্য...

চৈয়দ নুৰুল আমিন, ধুবুৰী ঃ সমগ্ৰ ৰাজ্যতে  কঁপাই যোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী, এক উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত, দোষীক  উপযুক্ত শাস্তি প্ৰদান আৰু নিবনুৱাসকলক ন্যায় প্ৰদান কৰাৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে ধুবুৰী জিলাতো আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ধুবুৰী জিলা কংগ্ৰেছ  কমিটীয়ে। দুপৰীয়া ১২ বজাত  ধুবুৰীত জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ  সন্মুখত  জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। বিজেপি গো বেক, সৰ্বানন্দ সোণোৱাল  হায়  হায়. আদি  নানান ধৰণৰ চৰকাৰবিৰোধী শ্লে­াগানে উত্তাল  কৰি তোলে পৰিৱেশ। ধুবুৰী ৰাজীৱ ভৱনৰ নিচেই কাষতে এই প্ৰতিবাদ।   আৰক্ষীয়ে বেৰিকেড লগাই ভেটা দিয়ে প্ৰায় তিনি শতাধিক প্ৰতিবাদী কংগ্ৰেছীক। 

 উত্তেজিত প্ৰতিবাদকাৰীসকলে বেৰিকেড ভাঙি ধুবুৰী আৰক্ষী অধীক্ষৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰাত ধুবুৰী আৰক্ষীয়ে প্ৰতিবাদীৰ ওপৰত মৃদু লাঠিচালনা কৰাৰ  ফলত  জিলা কংগ্ৰেছৰ সভাপতি অধিবক্তা উত্তম সৰকাৰসহ প্ৰায় ১০জনমান কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগা হোৱা বুলি জানিব পৰা গৈছে। প্ৰায় তিনি শতাধিক প্ৰতিবাদী কংগ্ৰেছীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীৰ চিবিআই তদন্তৰ দাবীত প্ৰতিবাদ কৰি কংগ্ৰেছীসকলে ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰিছিল যদিও প্ৰতিবাদকাৰীক ধুবুৰী ৰাজীৱ ভৱনৰ সন্মুখত বেৰিকেড লগাই ভেটা দিয়ে প্ৰায় তিনি শতাধিক প্ৰতিবাদী কংগ্ৰেছীক।

  পিছে  ধুবুৰীত বলৱৎ হৈ থকা ১৪৪ ধাৰাৰ ফলত  জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱা আৰু কোভিড-১৯ প্ৰট’কল ভংগ কৰাৰ অভিযোগত প্ৰায় তিনি শতাধিক প্ৰতিবাদী কংগ্ৰেছীক ধুবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশত আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰি গাড়ীৰে থানালৈ নিয়ে যদিও থানাত বিশেষ অসুবিধা হোৱাৰ বাবে থানাৰ সমীপত থকা আৰক্ষী ছাউনীৰ হল ৰুমত আবদ্ধ কৰি ৰাখে প্ৰতিবাদকাৰীসকলক।