ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৯ অক্টোবৰ ঃ এছ আই পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ ৰাজ্যত পোহৰলৈ আহিছে প্ৰৱেশ পৰীক্ষাত জ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৯ অক্টোবৰ ঃ এছ আই পৰীক্ষাৰ নিযুক্তি কেলেংকাৰীৰ উত্তেজনা মাৰ নৌযাওঁতেই পুনৰ ৰাজ্যত পোহৰলৈ আহিছে প্ৰৱেশ পৰীক্ষাত জালিয়াতি। চিকিৎসক-অভিযন্তা হোৱাৰ বাবে বহুতো মেধাৱীৰ হাৱিয়াস থাকে যদিও প্ৰৱেশ পৰীক্ষাত থমকি ৰ’বলগীয়া হয়। কিন্তু আপুনি যদি গ্ল’বেল ইউটিলাইটৰ অধীনত কোচিং কৰিছে তেন্তে আপোনাৰ অভিযন্তা হোৱাৰ সপোন নিশ্চয়কৈ পূৰাব। আপোনাৰ মেধা নাথাকিলেও মেধাৱান পৰীক্ষাৰ্থীৰ হতুৱাই প্ৰৱেশ পৰীক্ষাৰ হেঙাৰ পাৰ কৰাই দিব পাৰিব গ্ল’বেল ইউটিলাইটে। শেহতীয়াকৈ জে ই ই পৰীক্ষাত হোৱা জালিয়াতিৰ তথ্য ফাদিল হোৱাৰ পিছতে পোহৰলৈ আহিছে একাংশ কোচিং চেণ্টাৰৰ কু-কীৰ্তি।
মিত্ৰদেৱ শৰ্মা নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত টেলিফোনিক বাৰ্তালাপৰ আঁত ধৰি মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰা তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। টেলিফোনিক বাৰ্তালাপৰ তথ্য লাভ কৰাৰ পিছতে মহানগৰ আৰক্ষীয়ে নীল নক্ষত্ৰ নামৰ জে ই ইৰ পৰীক্ষাৰ্থীজনক আটক কৰাৰ পিছতে পোহৰলৈ আহিছে শিলপুখুৰীস্থিত গ্ল’বেল ইউটিলাইট নামৰ কোচিং চেণ্টাৰৰ কু-কীৰ্তি। উল্লেখ্য যে নীল নক্ষত্ৰৰ সলনি জে ই ই পৰীক্ষাত অৱতীৰ্ণ হৈছিল অন্য পৰীক্ষাৰ্থী। গ্ল’বেল ইউটিলাইট প্ৰতিষ্ঠানটোৰ পৰাই ঠিক কৰি দিয়া হৈছিল কেনেদৰে নীল নক্ষত্ৰই জে ই ই পৰীক্ষাত অৱতীৰ্ণ হ’ব। ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা নীল নক্ষত্ৰৰ হৈ কোনে পৰীক্ষা দিব সেয়া নিৰ্ধাৰণ কৰিছিল জিএনবি ৰোডত থকা গ্ল’বেল ইউটিলাইটৰ তৰফৰ পৰা।
ইয়াৰ বিনিময়ত নীল নক্ষত্ৰৰ পিতৃ ডাঃ জ্যোতিৰ্ময় দাসে ব্যয় কৰিছিল ২০ লাখ টকা। তদন্তত পোহৰলৈ অহা অনুসৰি ইউটিলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক নীল নক্ষত্ৰৰ পিতৃয়ে দিছিল ৫ লাখ টকা। ইপিনে আৰক্ষীয়ে জে ই ই পৰীক্ষাৰ জালিয়াতি সন্দৰ্ভত নীল নক্ষত্ৰ দাস, পিতৃ ডাঃ জ্যোতিৰ্ময় দাস, আই অ’ এন ডিজিটেল জ’নৰ তিনি কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা আৰু হীৰু¸কমল পাঠকক গ্ৰেপ্তাৰ কৰি আজি কামৰূপ মহানগৰৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। আৰক্ষীয়ে পাঁচোজন অভিযুক্তক সাত দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও পাঁচ দিনৰহে জিম্মা মঞ্জুৰ কৰে আদালতে। ইপিনে, শিলপুখুৰীস্থিত গ্ল’বেল ইউটিলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাক আৰক্ষীয়ে বিচাৰি আছে যদিও বিগত চাৰি দিন ধৰি কোচিং চেণ্টাৰত তলা ওলমাই আত্মগোপন কৰি আছে ভাৰ্গৱ ডেকাই।
No comments