ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১১ অক্টোবৰ : যোৰহাট প্ৰেছ ক্লাৱত আজি প্ৰয়াস প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া বার্তালোচনী দস্তাবেজৰ উদ্যোগত গ্ৰন্থ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ১১ অক্টোবৰ : যোৰহাট প্ৰেছ ক্লাৱত আজি প্ৰয়াস প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত মাহেকীয়া বার্তালোচনী দস্তাবেজৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় । উক্ত গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখক হেমচন্দ্ৰ শইকীয়াই উপস্থিত থাকি "দস্তাবেজৰ গল্প" গ্ৰন্থ খন শুভউন্মোচন কৰে । আনহাতে বিশিষ্ট লেখিকা মফিদা বেগমেও একেটা অনুষ্ঠানতে অংশগ্ৰহণ কৰি "কুঁহিপাঠ" নামৰ কবিতা বিষয়ক মাহেকীয়া আলোচনী খন শুভ উন্মোচন কৰে । বিশিষ্ট লেখক ডম্বৰু বৰাই আঁত ধৰা উন্মোচনী সভাখনত গ্ৰন্থ দুখন উন্মোচন কৰাৰ পূৰ্বে দুয়োগৰাকী লেখক - লেখিকাই চমু বক্তৃতা প্ৰদান কৰে । বিশিষ্ট লেখক ডিম্বেশ্বৰী দাসে পৰিচালনা কৰা উক্ত সভাখনত আৰ্দশ শিক্ষকৰ বঁটা তৰুণ দাসক, আৰ্দশ মাতৃৰ বঁটা, দীপ্তি শৰ্মাক আৰু দস্তাৱেজৰ শ্রেষ্ঠ লেখিকা পূৰ্ণিমা দেৱীক বঁটা প্ৰদান কৰা হয় ।
No comments