নতুন দিল্লী, ১৭ অক্টোবৰ ঃ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া, চমুকৈ পিটিআই সংবাদ প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক ছেদ কৰিলে কেন্দ্ৰীয় চৰকাৰে। পিটিআইৰ স্বাধীনচ...
নতুন দিল্লী, ১৭ অক্টোবৰ ঃ প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া, চমুকৈ পিটিআই সংবাদ প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক ছেদ কৰিলে কেন্দ্ৰীয় চৰকাৰে। পিটিআইৰ স্বাধীনচিতীয়া কাৰ্যৰ বিৰোধিতা কৰিয়ে চৰকাৰে সংবাদ প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্ক ছেদ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰসাৰ ভাৰতীয়ে পিটিআইৰ সৈতে হোৱা ছাবক্ৰিপচন চুক্তি বাতিল কৰিছে। অৰ্থাৎ ছাবক্ৰিপচন উঠাই লৈছে পিটিআইৰ পৰা প্ৰসাৰ ভাৰতীয়ে। উল্লেখ্য যে প্ৰসাৰ ভাৰতীয়ে পিটিআইক বছৰি ৬.৮৫ কোটি টকা প্ৰদান কৰে ছাবক্ৰিপচন ৰূপে। কিন্তু যোৱা সময় ধৰি পিটিআইৰ কাম-কাজত সন্তুষ্ট হোৱা নাছিল মোদী চৰকাৰ। বিশেষকৈ চীন-ভাৰতৰ সংঘাতৰ সময়ছোৱাত পিটিআয়ে পৰিৱেশন কৰা কিছু বাতৰিৰ সমালোচনা কৰিছিল চৰকাৰে। তাৰ পিছতেই পিটিআইৰ সৈতে চৰকাৰে সম্পৰ্ক ছেদ কৰাৰ এক সংকেত দিছিল। সেই অনুসৰিয়ে এতিয়া প্ৰসাৰ ভাৰতীয়ে পিটিআইৰ সৈতে সম্পৰ্ক ছেদ কৰিছে আৰু স্থানীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত হ’ব বুলি ঘোষণা কৰিছে। চৰকাৰৰ এনে কাৰ্যক সমালোচনা কৰিছে এডিটৰ্ছ গীল্ডে। এডিটৰ্ছ গীল্ডে এই কাৰ্যৰ বিৰোধিতা কৰি উল্লেখ কৰিছে যে চৰকাৰে প্ৰতিশোধমূলক ভাবনাৰে এনে কাৰ্য কৰিছে। প্ৰসাৰ ভাৰতীয়ে এক বৈঠকত সিদ্ধান্ত লয় যে দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৱে পিটিআইৰ পৰা ছাবক্ৰিপচন উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে এই সিদ্ধান্তৰ কথা পিটিআইক অৱগত কৰিছে প্ৰসাৰ ভাৰতীয়ে।
No comments