Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যৰ বিশিষ্ট অভিনেতা ৰমেন দত্তৰ দেহাৱসান

গণবাৰ্তা বিশেষ,যোৰহাট , ৩১ অক্টোবৰ :  ৰাজ্যৰ নাট্যজগতৰ এজন সুদক্ষ অভিনেতা পৰিচালক ৰমেন দত্ত(৫৩)ৰ আজি যোৰহাটৰ পটীয়াগাও স্থিত নিজা বাসভৱনত দেহ...




গণবাৰ্তা বিশেষ,যোৰহাট , ৩১ অক্টোবৰ :  ৰাজ্যৰ নাট্যজগতৰ এজন সুদক্ষ অভিনেতা পৰিচালক ৰমেন দত্ত(৫৩)ৰ আজি যোৰহাটৰ পটীয়াগাও স্থিত নিজা বাসভৱনত দেহাৱসান ঘটে| এটা সময়ত ভ্ৰাম্যমান থিয়েটাৰত অভিনয়ৰ যোগেদি ৰাজ্যৰ অভিনয় জগতত খলকনি সৃষ্টি কৰা ৰমেন দত্ত দেৱে আৱাহন থিয়েটাৰত ৭ বছৰ , হেঙুল থিয়েটাৰত ৫ বছৰ মেঘদুত আৰু মুকুন্দ থিয়েটাৰত ২ বছৰকৈ আৰু ভাস্কৰ, উদ্দীপনা থিয়েটাৰত ১ টাকৈ বছৰ অভিনয় কৰি ৰাজ্যবাসীৰ মৰম বুটলিবলৈ সক্ষম হৈছিল| মঞ্চত কৰা অদমনীয় অভিনয়ৰ বাবেই মুনলাইট মিডিয়া বটা আৰু শিল্পী সাংবাদিক বটা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰয়াত ৰমেন দত্ত দেৱ| যোৰহাটৰ চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহন কৰা অভিনেতা জন মহাবিদ্যালয়ৰ দুয়োটা বৰ্ষতে শ্ৰেষ্ঠ অভিনেতাৰ বটা লাভ কৰিবলৈ সক্ষম হৈছিল| মহাপুৰুষ জনাৰ অনবদ্য সৃষ্টি ভাওনাক গতিশীল ৰূপ দিয়াৰ বাটকতীয়া হিচাপে অহোপুৰুষাৰ্থ কৰা দত্ত দেৱে ভাওনা অভিনেতা হিচাপেও সমাদৃত আছিল| আজি শিল্পী জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰা পিছতে শোকৰ ছাঁ পৰে সমগ্ৰ জিলা খনত| ১২ টাৰো অধিক অনুস্থানে মৰমৰ শিল্পী জনক শেষশ্ৰদ্ধা জ্ঞাপন কৰা লগতে ছাত্ৰ সন্থাৰ তৰফৰ পৰা শিল্পী জনাৰ নশ্বৰ দেহত সংগঠনৰ পতাকা প্ৰদান কৰি সন্মান জ্ঞাপন কৰে| মৃত্যুৰ সময়ত মাতৃ আৰু একমাত্ৰ পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় শিল্পী জনে|

No comments