Page Nav

HIDE

কথা মতেই কাম, চৰকাৰে পূৰণ কৰিলে প্ৰতিশ্ৰুতি চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহনে বিতৰণ কৰিলে ভূমি পট্টা আৰু আবণ্টন পত্ৰ।

গণ বাৰ্তা চৰাইদেউ ৫ অক্টোবৰ :  কথা মতেই কাম, চৰকাৰে পূৰণ কৰিলে প্ৰতিশ্ৰুতি। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু লোকনিৰ্মাণ (ৰা...


গণ বাৰ্তা চৰাইদেউ ৫ অক্টোবৰ :  কথা মতেই কাম, চৰকাৰে পূৰণ কৰিলে প্ৰতিশ্ৰুতি। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু লোকনিৰ্মাণ (ৰাজ্যিক) বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি আনুষ্ঠানিকভাৱে চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত খিলঞ্জীয়া ভূমিহীন লোকসকলক আনুষ্ঠানিকভাৱে ভূমি পট্টা আৰু ভূমি আবণ্টন পত্ৰ বিতৰণ কৰে। এই উপলক্ষে অনুস্থিত কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা অাৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণাৰি বিধান সভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ। আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াই। ভাষণ‌ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে অসম চৰকাৰৰ এই প্ৰচেষ্টাই জিলাখনৰ হিতাধিকাৰী সকলক অনাগত দিনত বিভিন্ন ধৰণে সহায় কৰাৰ লগতে তেওঁলোকে সামাজিক আৰু আৰ্থিক দিশত যথেষ্ট লাভাম্বিত হ'ব পাৰিব বুলি মত ব্যক্ত কৰে। আজিৰ অনুষ্ঠানত খিলঞ্জীয়া ভূমিহীন লোকসকলক ভূমি পট্টা আৰু ভূমি আবণ্টন পত্ৰ বিতৰণ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক বাণীবদ্ধ ভাষণ উপস্থিত ৰাইজক উদ্দেশ্যি প্ৰচাৰ কৰা হয়। মুখ্য অতিথি হিচাপে প্ৰদান কৰা ভাষণ প্ৰসংগত সাংসদ কামাখ্যা প্ৰসাদ তাছাই কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন চৰকাৰে বিভিন্ন উন্নয়ন মূলক আচঁনিৰ দ্বাৰা জনসাধাৰণৰ কল্যাণ সাধন কৰিছে বুলি মত ব্যক্ত কৰাৰ লগতে চৰকাৰে নিজ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে বুলি উল্লেষ কৰে। সাংসদ গৰাকীয়ে পূৰ্বৰ তুলনাত মাটিৰ পট্টা লাভ কৰাৰ প্ৰক্ৰিয়া যথেষ্ট সহজ হৈছে বুলি মত ব্যক্ত কৰাৰ লগতে চৰকাৰে সকলো শ্ৰেণীৰ লোকৰ হিত হোৱাকৈ সম আৰু সুষম উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি কয়। অন্যহাতেদি মন্ত্ৰী যোগেন মহনে হিতাধিকাৰী সকলক তেওঁলোকে লাভ কৰা মাটি কোনো কাৰণতে বিক্ৰী নকৰি সেই মাটিৰ জৰিয়তে ভৱিষ্যতে অন্যান্য চৰকাৰী সা-সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।লগতে মন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে যে ক'ভিড-১৯ ৰ দুৰ্যোগৰ মাজতে চৰকাৰে এনে ধৰণৰ জনকল্যাণমূলক আচঁনি গ্ৰহণ কৰিছে আৰু অনাগত দিনত ভাৰতবৰ্ষৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰত অসম অন্তৰ্ভুক্ত হ'ব বুলি আশা ব্যক্ত কৰে ।অনুষ্ঠানত সোণাৰি বিধান সভা সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈয়েও হিতাধিকাৰী সকলক উদ্দেশ্যি বক্তব্য ৰাখে।আজিৰ পট্টা বিতৰণ অনুষ্ঠান পৰিচালনা কৰে তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউতে।মন কৰিবলগীয়া যে আজিৰ অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰা সৰ্বমুঠ আবণ্টনৰ প্ৰমাণ পত্ৰ আৰু আবণ্টন ম্যাদি পট্টা মুঠ ১৫৩০ খন । ইয়াৰ মুঠ মাটিকালি হৈছে ১৫৭৫ বিঘা ১৬ লেচা‌ । আজিৰ অনুষ্ঠানত চৰাইদেউ জিলাৰ তিনিওটা ৰাজহ চক্ৰৰ হিতাধিকাৰীসকলৰ লগতে অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, সোণাৰি উন্নয়ন কৰ্তৃপক্ষৰ তিলক নেওগ, অনুপ সিং ৰাজপুৰোহিত, স্বাক্ষৰ জ্যোতি গগৈৰ লগতে সোণাৰি, মাহমৰা, সাপেখাতীৰ ৰাজহ চক্ৰ বিষয়াত্ৰয় ক্ৰমে প্ৰিয়াংশু ভৰদ্বাজ, তনভী আহমেদ, ফিলিছ ৰাংছাল আদি ব্যক্তি সকল উপস্থিত থাকে। সভাৰ শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসে।