Page Nav

HIDE

মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ:কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীত উত্তাল মুখ্যমন্ত্ৰী সমষ্টি

পৰাণজ্যোতি বৰা, মাজুলী,১০ অক্টোবৰ : দেশৰ অন্নদাতা কৃষক সকলৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে যি কৃষক বিৰোধী আইন জা...



পৰাণজ্যোতি বৰা, মাজুলী,১০ অক্টোবৰ : দেশৰ অন্নদাতা কৃষক সকলৰ বিৰুদ্ধে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰে যি কৃষক বিৰোধী আইন জাপি দিছে এই আইনৰ প্ৰতিবাদ সমগ্ৰ ভাৰতৰ কৃষকে প্ৰতিবাদ কৰি কৃষি ক্ষেত্ৰ এৰি আজি ৰাজপথলৈ উলাই আহিছে । কৃষক সকলৰ লগত থিয় হৈ কৃষক সকলৰ সমৰ্থনত সমগ্ৰ ভাৰতত আজি ভাৰতীয় জাতীয় কংগ্ৰেছে কৃষক বিৰোধী আইনৰ বিৰোধিতাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ভাৰতীয় জাতীয় কংগ্ৰেছ তথা অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশনা মৰ্মে মাজুলী জিলা কংগ্ৰেছৰ সহযোগত আৰু মাজুলী ব্লক কংগ্ৰেছ,  উজনি মাজুলী ব্লক কংগ্ৰেছৰ উদ্যোগত আজি গড়মূৰ ৰাজীৱ ভৱনৰ পৰা কেইবাখনো টেক্টৰ , নাঙল জুঁৱলি লৈ কেইবা শতাধিক কংগ্ৰেছ কংগ্ৰেছ কৰ্মীয়ে কৃষক বিৰোধী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, কৃষক বিৰোধী সৰ্বানন্দ মুৰ্দাবাদ , দুখীয়াৰ শত্ৰু বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনি দি চিতাদৰ চাৰিয়ালিলৈ সমদল কৰি আগবাঢ়ি যায় আৰু লগতে একেদৰে সমদল কৰি ঘুৰি আহি গড়মূৰ তিনিআলিত সমবেত হৈ এক প্ৰতিবাদী সভা আয়োজন কৰে । সভাত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়াই বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে  , বিগত নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ দিনতে দেশত অধিক কৃষক আত্মহত্যা কৰিবলৈ বাধ্য হৈছে । কৃষক বিৰোধী আইখন আনি এতিয়া পুনৰ কৃষি খণ্ডক  পুঁজিপতি সকলক হাতলৈ স্থানান্তৰ কৰিব খুজিছে । যিহেতু নৰেন্দ্ৰ মোডীয়ে আজিলৈকে যি কাম কৰিছে সকলো কাম কেৱল পুঁজিপতিৰ স্বাৰ্থতহে কৰি আহিছে । দেশৰ অন্নদাতা প্ৰকৃত কৃষক সকলে এই আইনখনৰ বাবে উচিত মূল্য  তথা তেওঁলোকৰ নিজৰ অধিকাৰ হেৰুৱাৰ লগতে নূন্যতম মূল্য‌ও লাভ নকৰিব । যাৰ বাবে কৃষক সকলে অতি কম দামত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বৃহৎ পুঁজিপতিৰ হাতত এৰি দিবলৈ বাধ্য হৱ ফলত ঋণ লৈ খেতি কৰা কৃষক সকলৰ বৃহৎ আৰ্থিক সংকটে দেখা দিব । সেয়ে আমি কংগ্ৰেছ পৰিয়ালে কৃষকৰ লগত থিয় হৈ কৃষক সকলৰ ন্যায়ৰ বাবে এই সংগ্ৰাম অব্যাহত ৰাখিব বুলি ঘোষণা কৰে । সভাত উপস্থিত থাকি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে , কাৰ্যকৰী সভাপতি কোষেশ্বৰ বৰা , উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰাণা পংগিঙে কৃষক বিৰোধী বিজেপি চৰকাৰক তীব্র সমালোচনা কৰছ । জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শশীধৰ বৰুৱা, শংকৰজ্যোতি হাজৰিকা, ফিজু দত্ত , জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাস, সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েঙৰ লগতে NSUi , সেৱা দল তথা কংগ্ৰেছ দলৰ বহু কৰ্মী উপস্থিত থাকে ।