Page Nav

HIDE

ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ"ত নাম অন্তৰ্ভুক্ত নিতু দাসৰ পূৱেৰুণ শিল্পী সমাজৰ সম্বৰ্ধনা

গণ বার্তা, আমগুৰি, २2 অক্টোবৰ :  ২০২০ বৰ্ষৰ 'আছাম বুক অব্ ৰেকৰ্ডছ' আৰু "ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ" ত নাম অন্তৰ্ভুক্তিৰে অঞ্...



গণ বার্তা, আমগুৰি, २2 অক্টোবৰ :  ২০২০ বৰ্ষৰ 'আছাম বুক অব্ ৰেকৰ্ডছ' আৰু "ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ" ত নাম অন্তৰ্ভুক্তিৰে অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা উদীয়মান কলা-শিল্পী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণ-সংযোগ আৰু সাংবাদিকতাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ নীতু দাসক আমগুৰি অঞ্চলৰ প্ৰতিষ্ঠিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান পূৱেৰুণ শিল্পী সমাজে তেখেতৰ নিজা বাসভৱনত সম্বৰ্ধনা জ্ঞাপন কৰে ।  নীতুৱে কেৱল এঙাৰ ব্যৱহাৰ কৰি  ৭.১ ফুট দৈৰ্ঘ্যৰ আৰু ৫.৬ ফুট প্ৰস্থৰ এখনি চিত্ৰ অংকনৰ জৰিয়তে উক্ত সৰ্বভাৰতীয় শ্ৰেষ্ঠতাৰ গ্ৰন্থত নিজৰ নাম অন্তৰ্ভুক্ত কৰে। ইতিমধ্যে ইউনাইটেড কিংদমত বিনামূলীয়াকৈ পি এইচ্ ডি ৰ বাবে নিৰ্বাচিত যুৱকজনে এঙাৰ, ধোঁৱা, চক্ লেট, হালধি আৰু পানীৰ মিশ্ৰণেৰে ছবি অংকন, অসমৰ বৰেণ্য শিল্পীসকলৰ নামেৰে তেওঁলোকৰ ছবি অংকন, জুবিন গাৰ্গৰ ৮৬৭ টা গীতৰ শিৰোনামাৰে তেখেতৰ চিত্ৰ অংকনেৰে " ৱৰ্ল্ড বুক অব্ ৰেকৰ্ডছ" ৰ নাম সন্নিবিষ্টৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। পূৱেৰুণ শিল্পী সমাজৰ সহ-সম্পাদক জয়ন্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানত উপ-সভাপতি দিগন্ত খাৰঘৰীয়া, সম্পাদক সঞ্জীৱ কুমাৰ শইকীয়া, নাট্যশিল্পী উদয় দত্ত, প্ৰসন্নজ্যোতি বৰঠাকুৰ আৰু মনোজ লাহন উপস্থিত থাকে।