Page Nav

HIDE

চাবুৱাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮০ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজনৰ প্ৰস্তুতি, অভ্যৰ্থনা সমিতি গঠন

গণ বাৰ্তা,  চাবুৱা , ৮ অক্টোবৰ : মটক জনগোষ্ঠীৰ অন্যতম প্ৰধান শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮০ সংখ্যাক কেন্দ্ৰীয় প্ৰতি...


গণ বাৰ্তা,  চাবুৱা , ৮ অক্টোবৰ : মটক জনগোষ্ঠীৰ অন্যতম প্ৰধান শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ ৮০ সংখ্যাক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আয়োজনৰ প্ৰস্তুতি চলিছে।  ১৯৪০ চনৰ ২৭ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে বিভিন্ন ঘাত-প্ৰতিঘাতৰ  মাজেৰে আহি ৭৯ টা বসন্ত গৰকি অৱশেষত অহা ২৭ অক্টোবৰত ৮০ বছৰত ভৰি দিয়া সংগঠনটোৰ   কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ইতিহাসপ্ৰসিদ্ধ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পুলুঙাস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে। সেই উপলক্ষত  কালি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডেভিদ চেতিয়াৰ পৌৰোহিত্যত আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰশান্ত চেতিয়াই  আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰা উক্ত সভাত  সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি দিলীপ বড়া, প্ৰাক্তন সাধাৰণ সম্পাদক গৌতম নেওঁগ, অসম হাইড্ৰকাৰ্বনৰ অধ্যক্ষ পোনাকণ বৰুৱা, ত্ৰিনয়ণ জ্যোতি সংঘৰ সভাপতি মাদিত্য গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক শুক্লধৰ ফুকন, অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিপেন চন্দ্ৰ গোহাঁয়ে প্ৰতিষ্ঠা দিৱসৰ লগতে সংগঠনৰ অতীত সোঁৱৰি  বহুমূলীয়া বক্তব্য আগবঢ়ায়। ইয়াৰ পিছতে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ বড়াক সভাপতি, অজয় গগৈ আৰু স্বৰূপজ্যোতি চেতিয়াক কাৰ্যকৰী সভাপতি,  মাদিত্য গগৈ আৰু দেৱঋষি চেতিয়াক যুটীয়া সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতিখন গঠন কৰে। উক্ত সভাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা যতীন দিহিঙ্গীয়া, উপ-সভাপতি অজয় গগৈ, স্বৰূপ গোহাঁই, দেৱজিৎ ৰাজখোৱা, সাধাৰণ সম্পাদক ধৰণী গোহাঁই, সহকাৰী সম্পাদক অৰুপ কুমাৰ বৰুৱা,  ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিৰূপম দুৱৰা, সাধাৰণ সম্পাদক মুকুন্দ মাধৱ বুঢ়াগোহাঁই, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দুৰ্জয় বৰুৱা আৰু সাধাৰণ সম্পাদক কমলদ্বীপ বৰুৱাকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বহু সংখ্যক নেতাই অংশ গ্ৰহণ কৰে।