ইষ্টানবুল, ৩১ অক্টোবৰ : শুক্ৰবাৰে অহা ভূমিকম্পই তুৰ্কীৰ উপকূল আৰু গ্ৰীক দ্বীপ চামছৰ মাজৰ এজিয়ান সাগৰত আঘাত কৰিছিল, যাৰ ফলত কমেও ২৬ জন ...
ইষ্টানবুল, ৩১ অক্টোবৰ : শুক্ৰবাৰে অহা ভূমিকম্পই তুৰ্কীৰ উপকূল আৰু গ্ৰীক দ্বীপ চামছৰ মাজৰ এজিয়ান সাগৰত আঘাত কৰিছিল, যাৰ ফলত কমেও ২৬ জন লোকৰমৃত্যু হৌছিল আৰু ৮০০ ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয়৷ স্থানীয় প্ৰত্যক্ষদৰ্শীৰ কয় যে, ৭.০ ৰিখটাৰ স্কেলত অহা এই ভূঁকম্পই দেখি বুকু কঁপি উঠে ৷ প্ৰত্যক্ষদৰ্শীজনৰ উল্লেখ কৰা অনুযায়ী, তীৰ্থস্থানৰ ইজমিৰত আতংকিত হৈ মানুহবোৰ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে যেনিয়ে তেনিয়ে দৌৰি এটা সৰু চুনামীই ইজমিৰৰ দক্ষিণৰ ছেফেৰিচিছাৰ জিলাত আশ্ৰয় লয়৷ তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা প্ৰেচিডেণ্টি, (এ এফ এ ডি)ৰ মতে, ডুবি থকা এগৰাকী বৃদ্ধ মহিলাসহ ইজমিৰত কমেও ২৪ জন লোক নিহত হৈছিল।
আনহাতে, গ্ৰীক দ্বীপ ছামছৰ দুটি কিশোৰ, এজন বৃদ্ধ আৰু এজনী ছোৱালীক এটা অঞ্চলত মৃত অৱস্থাত পোৱা গৈছিল য'ত এটা দেৱল খহি পৰিছিল। মৃতসকলৰ ভিতৰত আছিল তুৰ্কীৰ চিকিৎসা সংস্থাৰ ইজমিৰ শাখাৰ সচিব প্ৰধানৰ পত্নী আৰু দুই সন্তান বুলি এ পি-য়ে প্ৰকাশ কৰিছে। উল্লেখ্য যে ৩,০০০ৰো অধিক উদ্ধাৰকাৰী ক ইজমিৰলৈ প্ৰেৰণ কৰা হৈছিল, লগতে উদ্ধাৰ সামগ্ৰীও প্ৰেৰণ কৰা হৈছে৷ গ্ৰীক প্ৰধান মন্ত্ৰী কাইৰিয়াকোছ মিটসোটাকিছে সমবেদনা জনাই কয়, "শিশু হেৰুৱাৰ বেদনা সেয়া অনুভৱ আৰু বৰ্ণনা কৰিবলৈ শব্দ নাই। আমেৰিকাৰ পূৰ্বৰ উপ-ৰাষ্ট্ৰপতি জো বিডেনেও টুইট কৰিছে: "আজিৰ ভূমিকম্পৰ পিছত জিল আৰু মই ভূঁকম্পত হেৰুৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো আৰু দুয়োখন দেশে বিপদৰ সময়ত সাহসীকতাৰে উদ্ধাৰকাৰ্যৰ ক্ষেত্ৰত, এজনে আনজনক সহায় সমৰ্থন কৰাৰ বাবে তেওঁলোকক আমি কৃতজ্ঞ জনও।"
No comments