গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ৰশ্মিৰেখা সাউদ কলিতা, ২১ অক্টোবৰ : কভিড মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে নাই এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ ভক্তিভৰা পূজা ...
গণবাৰ্তা বিশেষ ডিব্ৰুগড়, ৰশ্মিৰেখা সাউদ কলিতা, ২১ অক্টোবৰ : কভিড মহামাৰীৰ বাবে বিগত বৰ্ষৰ দৰে নাই এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱৰ ভক্তিভৰা পূজা তথা আনন্দ - উল্লাস। নিজম পৰি আছে পূজাৰ থলী সমূহ। তথাপি চৰকাৰে বান্ধি দিয়া নিয়ম মানি দুই এঠাইত ঘট পূজাৰ আয়োজন কৰিছে। ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বুধবাৰে জিলাখনৰ সাতোটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক শাৰদীয় দুৰ্গোৎসৱৰ সময়ত নিজ নিজ ৰাজহ চক্ৰত ক’ভিড- প্ৰট’কলৰ পালন সম্পূৰ্ণৰূপে নিশ্চিত কৰাৰ বাবে সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে৷ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত উপায়ুক্ত গৰাকীয়ে ক’ভিড-১৯ প্ৰট’কল উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও চক্ৰ বিষয়াসকলক নিৰ্দেশ জাৰি কৰে৷ সভাত চক্ৰ বিষয়াসকলক শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ৰাস্তাৰ কাষত যাতে কোনো ধৰণৰ পূজা অনুষ্ঠিত কৰাৰ বাবে বা পূজা মণ্ডপ স্থাপনৰ অনুমতি প্ৰদান নকৰে আৰু কোনো কাৰণতে মণ্ডপ আৰু অন্যান্য ৰাজহুৱা স্থানত ভীৰ সৃষ্টি নহয় ,সেয়াও নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হয়৷ একেদৰে চক্ৰ বিষয়াসকলক দুৰ্গোৎসৱৰ সময়ত চাহ বাগানসমূহত চুলাই মদৰ দৰে সুৰাৰ প্ৰচলন আৰু জুৱাখেল আদি অবৈধ গতিবিধি ৰোধৰ ওপৰতো চকু ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ সভাত উপায়ুক্ত গৰাকীয়ে ৰাজহ চক্ৰ বিষয়াসকলৰে চক্ৰকেইটাৰ অধীনৰ আইন -শৃংখলাজনিত পৰিস্থিতিৰো পৰ্যালোচনা কৰে৷ একেদৰে সভাত চক্ৰ বিষয়াসকলক নিজ নিজ চক্ৰৰ অধীনত চলি থকা বিভিন্ন বিভাগৰ উন্নয়নমূলক কামসমূহ, বিশেষকৈ পথ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ আৰু নিৰ্মাণৰ কাম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা কামসমূহৰ অগ্ৰগতি নিয়মীয়াকৈ পযাৰ্লোচনা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হয়৷ সভাত জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে ৰাজীৱ থাপা, ৰঞ্জিত কোঁৱৰ, ডিপু কুমাৰ ডেকা, নন্দিতা বৰুৱা, সদৰ মহকুমাধিপতি মছন্দা পৰতীন আৰু সাতটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল উপস্থিত থাকে৷
No comments