Page Nav

HIDE

ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক মনোজ গগৈৰ সংবাদ মেল। একাংশ ৱেব পৰ্টেলৰ বিৰুদ্ধে সৌৰব মনোজ গগৈ

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৩ অক্টোবৰ :  মোৰ বিৰুদ্ধে একাংশ ৱেব পৰ্টেল আৰু কেইখনমান বাতৰি কাকতে  প্ৰকাশ কৰা বাতৰি সত্যতা প্ৰমাণ কৰিব পাৰিলে ৰ...


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৩ অক্টোবৰ :  মোৰ বিৰুদ্ধে একাংশ ৱেব পৰ্টেল আৰু কেইখনমান বাতৰি কাকতে  প্ৰকাশ কৰা বাতৰি সত্যতা প্ৰমাণ কৰিব পাৰিলে ৰাইজৰ আদালতত মুকলিকৈ হাজিৰ হোৱাৰ হুংকাৰ দিয়ে ৰাইজৰ দলৰ আহ্বায়ক মনোজ গগৈৰ । লগতে  একপক্ষীয় ভাবে বাতৰি প্ৰচাৰ কৰা সংবাদ মাধ্যম কেইটাৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি আজি যোৰহাট প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি গৌৰীসাগৰত আৰক্ষীয়ে আটক কৰা ঘটনাটোৰ সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে  মনোজ গগৈয়ে ।যোৰহাট প্ৰেছ ক্লাৱত  অনুষ্ঠিত সংবাদমেলত  ৰাইজৰ দলৰ  আহ্বায়ক গগৈয়ে   কয় যে , যোৱা ৯ অক্টোবৰৰ নিশা গৌৰীসাগৰত ট্ৰাকৰ পৰা টকা লোৱা যি ঘটনা  ইতিমধ্যে একাংশ ৱেব চেনেলৰ লগতে বৈদ্যুতিক মাধ্যমত প্ৰচাৰ হৈছে সেই ঘটনাটো প্রকৃততে সত্য নহয় । মোক ষড়যন্ত্ৰ কৰি সেই ঘটনাৰ সৈতে জড়িত কৰি জন মানসত সেও প্ৰতিপন্ন কৰাৰ উদ্দেশ্য হে একাংশই প্ৰচাৰ কৰিলে এনেকুৱা অসত্য বাতৰি । মই সেই দিনা নিশা চাৰি জন সতীৰ্থ সহ জয়সাগৰৰ এজন সম্পৰ্কীয় লোকৰ ঘৰত নৈশ ভোজন গ্ৰহণ কৰি ঘূৰি আহোঁতে শিৱসাগৰৰ ভূতিয়াপাৰৰ এটা তেল দিপুত তেল ভৰাবলৈ বুলি দিপুত সোমাবলৈ লওঁতে দিপুৰ সন্মুখত এখন ট্ৰাকে আন এখন ট্ৰাকৰ চালকৰ সৈতে চিগনেল দিয়াৰ সন্দৰ্ভত তৰ্ক- বিতৰ্ক কৰি আছিল । ঠিক তেনে সময়তে পূৰ্বৰ পৰাই অসুবিধা দি থকা  আমাৰ গাড়ী খনো সেই সময়তে ট্ৰাক খনৰ সন্মুখত  ষ্টাৰ্ট বন্ধ হৈ যোৱাত ট্ৰাকৰ চালকৰ সৈতে আমাৰ তৰ্ক বিতৰ্ক হয় । আমি যেনে তেনে গাড়ী খন ষ্টাৰ্ট কৰি তেল দিপুত সোমাই তেল ভৰাই কিছু দূৰ অহাৰ পাছত গৌৰীসাগৰৰ সমীপত আৰক্ষীৰ এটা পেট্ৰোলিং দলে ট্ৰাকৰ সৈতে কাজিয়া কৰি অহা বুলি কৈ আমাক থানালৈ লৈ যায় । থানাত ট্ৰাকৰ চালকৰ সৈতে কাজিয়া কৰাৰ বুলি আৰক্ষীয়ে উল্লেখ কৰিছিল আৰু থানাত দাখিল কৰা এজাহাৰতো কাজিয়া কৰাৰ কথা উল্লেখ আছে উক্ত এজাহাৰ খনত ভাৰতীয় দণ্ডাবিধি আইন অনুসৰি ৩৪১/৫০৬/আৰু ২৯৪ ধাৰাত গোচৰ ৰুজু কৰি মোৰ লগতে তিনি সতীৰ্থক জামিনত মুকলি কৰি দিয়ে । যিহেতু এজাহাৰত কোনো ধন দাবী বা ডকাইতি আদি কথা উল্লেখ নাই সেই কথা এই ধাৰা কেইটাই উল্লেখ কৰিছে । ইয়াৰ ওপৰিও গৌৰীসাগৰ থানাত কেইজনমান আৰক্ষীয়ে আমাৰ ফটো তুলিছিল যিবোৰ  ইতিমধ্যে সমাজিক মাধ্যমত  প্ৰচাৰ হৈছে । কিন্ত একাংশ সংবাদ মাধ্যমে  আমাক গাড়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগ কৰি বাতৰি প্ৰচাৰ  কৰি জন মানসত সেও প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে ন্যায়ালয়ৰ কাষ ছপাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি গগৈয়ে উল্লেখ কৰে । প্ৰচাৰ হোৱা বাতৰি সত্য বুলি প্ৰমাণ কৰিব পাৰিলে মনোজ গগৈয়ে ৰাইজৰ আদালতত হাজিৰ হব বুলি সংবাদমেলত  উল্লেখ কৰে । সংবাদমেলত অসম প্ৰেমী যুৱ ছাত্ৰ পৰিষদৰ অৰিন্দম শদিয়াখোৱা ,বিদ্যুত জ্যোতি চুতীয়া, উদ্দীপ্ত বৰা আৰু পৰাগ শদিয়াখোৱা উপস্থিত থকে ।