Page Nav

HIDE

হুমুখী প্ৰতিভাৰ আকৰ জীৱন চক্ৰৱৰ্তীক দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত

গণ বাৰ্তা,পশ্চিম যোৰহাট,১৬অক্টোবৰ :  এইখন সমাজত এনে কিছু লোকে আছে, যিসকলে বহুমুখী প্ৰতিভা লৈ জন্ম হয় আৰু পৰৱৰ্তী সময়ত হেজাৰ প্ৰতিবন্ধকতাকো ন...


গণ বাৰ্তা,পশ্চিম যোৰহাট,১৬অক্টোবৰ :  এইখন সমাজত এনে কিছু লোকে আছে, যিসকলে বহুমুখী প্ৰতিভা লৈ জন্ম হয় আৰু পৰৱৰ্তী সময়ত হেজাৰ প্ৰতিবন্ধকতাকো নেওচি প্ৰতিভাৰ আকৰ  হিচাপে সমাজত জিলিকি থাকে । তেনে এগৰাকী ব্যক্তি হ'ল যোৰহাট জেইলৰোড নিবাসী জীৱন চক্ৰৱৰ্তী । বহুমুখী প্ৰতিভাৰ গৰাকী জীৱন চক্ৰৱৰ্তী এনে এজন ব্যক্তি যিজন একেধাৰ এজন সাহিত্য কৰ্মী, সুনিপুণ হস্তশিল্পী , বাদ্যযন্ত্ৰী , নামাচাৰ্য , বিহুৱা আৰু আগশাৰীৰ সমাজ সংগঠক । এইজন হস্তশিল্পীৰ নিপুণ হাতৰ পৰশত নিৰ্জীৱ বাঁহ , কাঠ আদিৰ টুকুৰায়ো প্ৰাণ পাই নাচি উঠে । সেইদৰে ঢোল , খোল , বাঁহী , পেঁপা(যুৰীয়া) সুতুলি , গগনা আদিৰ চাপ সুৰৰ ঝংকাৰে আকাশ - বতাহ কঁপাই তোলে। নাটক - ভাওনাৰ মঞ্চও কঁপাই তোলে নিখুঁত অভিনয়েৰে। সমাজৰ এজন আগশাৰীৰ ভকত জীৱন চক্ৰৱৰ্তী  নামাচাৰ্যও । তাৰ পাছতো তেওঁ বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠান ,সভা - সমিতি আদিত জড়িত হৈ সমাজলৈ বিভিন্ন অৰিহণা যোগাই আহিছে । আজি তেনে এজন ঈৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী জীৱন চক্ৰৱৰ্তীক যোৰহাটৰ দিগদৰ্শন প্ৰকাশনে দিগদৰ্শন সাহিত্য সন্মান বঁটাৰে সন্মানিত কৰে।উল্লেখ্য যে যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত দিগদৰ্শন প্ৰকাশনৰ সপ্তদশ বৰ্ষপূৰ্তি অনুষ্ঠানত কভি'ড-১৯ মহামাৰীত আক্ৰান্ত হোৱাৰ বাবে চক্ৰৱৰ্তী অনুষ্ঠানত উপস্হিত হ'ব পৰা নাছিল। বৰ্তমান ক'ভিড মুক্ত জীৱন চক্ৰৱৰ্তী ঘৰতেই গৃহবন্দী। সেয়ে তেখেতক আজি নিজ গৃহতেই দিগদৰ্শন প্ৰকাশনৰ স্বতাধিকাৰী তথা দিগদৰ্শন আলোচনীৰ সম্পাদক পংকজ কুমাৰ দাসৰ  নেতৃত্বত যোৱা এটি দলে চলিত বৰ্ষৰ যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ দিগদৰ্শন সাহিত্য সন্মানেৰে সন্মানিত কৰা হয়। মূলতঃ এজন হস্তশিল্পী,জন্মগত প্ৰতিভাৰ গৰাকী চক্ৰৱৰ্তী ১৯৭৩ তে ভাৰত চৰকাৰৰ জলপানী লৈ বাংগালুৰুৰ Central Handicraft Developement Centerত হস্তশিল্পী তথা Bamboo Craftৰ প্ৰশিক্ষণ লয় যদিও তাৰ আগতেও তেওঁ এজন শিল্পী হিচাপে পৰিচিত আছিল । ১৯৬৪ত প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে যোৰহাট পৰিবহণ নিগমত অনুষ্ঠিত এখন প্ৰদৰ্শনীৰ কেইবিধমান বাঁহেৰে নিৰ্মিত সামগ্ৰী দেখি তেওঁ আকৃষ্ট হয় । সেই দিনাই ঘৰলৈ ঘূৰি গৈ আৰম্ভ কৰি দিলে বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ । সেয়াই আৰম্ভণি । তাৰ পাছৰ পৰা উভতি চাবলৈ সময় পোৱা নাই । লাহে লাহে বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰতি আগ্ৰহ বাঢ়ি যাবলৈ ধৰে । তেনে সময়তে ১৯৬৬ত যোৰহাট নগৰৰ মকতৰ বিদ্যালয়ত অনুষ্ঠিত এখন প্ৰদৰ্শনীত অংশগ্ৰহণ কৰাৰ সুবিধা পায় । প্ৰদৰ্শনীলৈ অহা সেই সময়ৰ মূখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা তেওঁৰ বিপণীত সমগ্ৰীখিনিৰ প্ৰতি আকৃষ্ট হয় আৰু প্ৰশংসাৰে উপচাই পেলায় লগতে এটি পুৰস্কাৰো প্ৰদান কৰে । সেই মৰ্মে তেওঁ ১৯৭৩ত চৰকাৰী জলপানী লৈ বাংগালৰুত চাৰিমহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা লাভ  কৰে । প্ৰশিক্ষণৰ পৰা ঘূৰি আহি জেইলৰোডৰ নিজা বাসগৃহত ১৯৭৩ ত নিজাববীয়াকৈ বেম্ব ' ক্ৰাফট ইণ্ডাষ্ট্ৰী    নামৰ এটি হস্তশিল্প কেন্দ্ৰ আৰম্ভ কৰে । এই কেন্দ্ৰত আগ্ৰহী ল 'ৰা -ছোৱালীক বাঁহৰ সামগ্ৰী প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়াৰ উপৰি নিতৌ নতুন  বাঁহৰ  সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰীৰ ব্যৱস্থাও কৰে । খুব কম দিনৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা এই কেন্দ্ৰত প্ৰশিক্ষণ লোৱা বহু প্ৰশিক্ষার্থী বৰ্তমান বিভিন্ন ঠাইত ভাল কাম কৰি আছে বুলি চক্ৰৱৰ্তীয়ে আজিৰ বঁটা প্ৰদান অনুষ্ঠানত ভাষণ প্ৰসংগত সদৰী কৰে । এই প্রতিষ্ঠানলৈ আনকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাও অহাৰ কথাও স্মৰণ কৰে শিল্পীজনে । ভূপেনদাই মৰমতে দি যোৱা আশিস বাণী এতিয়াও সযতনে সাঁচি ৰাখিছে তেখেতে। ভূপেনদাৰ কাৰণেই সেই সময়ত যোৰহাটলৈ অহা খ্যাতনামা শিল্পী উষা মংগেশকাৰকে ধৰি ভালকেইগৰাকী শিল্পীক তেওঁ নিজাহাতে নির্মিত বাঁহৰ সামগ্ৰী উপহাৰ দিবলৈ সক্ষম হোৱা বিৰল অভিজ্ঞতাৰ কথাও তেখেতে আজিৰ সন্মান গ্ৰহণ কৰি ভাষণ প্ৰসংগত স্মৰণ কৰে ।