Page Nav

HIDE

আমেৰিকা-ব্ৰিটেইনৰত তিনি প্ৰফেছৰলৈ পদাৰ্থ বিজ্ঞানৰ নবেলঃ ৰোজৰ পেনৰো¸জ, ৰেনহৰ্ড জেঞ্জেল, এনড্ৰিয়া গেজলৈ ২০২০ ৰ পদাৰ্থ নবেল

ষ্টকহ’ম, ৬ অক্টোবৰ ঃ ২০২০ৰ চিকিৎসাৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰাৰ এটা দিনৰ পিছতেই আজি পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে ...

ষ্টকহ’ম, ৬ অক্টোবৰ ঃ ২০২০ৰ চিকিৎসাৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰাৰ এটা দিনৰ পিছতেই আজি পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা কৰিছে ন’বেল কমিটীয়ে। দ্য ৰয়েল ছুইডিছ একাডেমী অৱ ছাইন্সে আজি পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁলোকে ঘোষণা কৰা অনুসৰি আমেৰিকাৰ দুই আৰু ব্ৰিটেইনৰ এগৰাকী প্ৰফেছৰে ২০২০ৰ পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা লাভ কৰিছে। এই তিনি বৈজ্ঞানিকে ব্লেক হ’লৰ ওপৰত গভীৰভাৱে চলোৱা অধ্যয়নৰ বাবে তেওঁলোকলৈ আগবঢ়োৱা হৈছে ২০২০ৰ পদাৰ্থবিজ্ঞানৰ ন’বেল। এই বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন’বেল লাভ কৰাৰ তিনিজন বৈজ্ঞানিকৰ ভিতৰত আছে ব্ৰিটেইনৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ ৰোজাৰ পেনৰোজ, আমেৰিকাৰ ইউনিভাৰছিটী অৱ কেলিফ’ৰ্নিয়াৰ প্ৰফেছৰ ৰেইনহাৰ্ড গেঞ্জেল আৰু আমেৰিকাৰ ইউনিভাৰছিটী অৱ কেলিফ’ৰ্নিয়াৰ প্ৰফেছৰ আণ্ড্ৰে গেজ। পদাৰ্থবিজ্ঞানৰ ন’বেল আগবঢ়োৱা কমিটীৰ প্ৰমুখ ডেভিড হেভিলেণ্ডে প্ৰকাশ কৰিছে যে ২০২০ৰ পদাৰ্থৰ ন’বেল বিশ্বব্ৰহ্মাণ্ডৰ আশ্চৰ্যজনক বস্তুৰ ওপৰত চলোৱা অধ্যয়নৰ বাবে দিয়া হৈছে। 

 ব্লেক হ’ল বিশ্বব্ৰহ্মাণ্ডৰ সেই অংশ, য’ত মহাকৰ্ষণ শক্তি ইমান উচ্চ যে সেই স্থানৰ পৰা পোহৰৰ প্ৰতিবিম্বও উভতি আহিব নোৱাৰে। এই বিষয়ক লৈ এই তিনি বৈজ্ঞানিক তথা প্ৰফেছৰে চলোৱা অধ্যয়নৰ বাবে তেওঁলোকক এই বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হয়। উল্লেখ্য যে এই বৰ্ষৰ পদাৰ্থবিজ্ঞানৰ ন’বেল আমেৰিকাৰ কেলিফ’ৰ্নিয়া বিশ্ববিদ্যালয়ৰ দুগৰাকী প্ৰফেছৰে লাভ কৰিছে।  আমেৰিকাৰ আণ্ড্ৰে গেজ হৈছে পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা চতুৰ্থগৰাকী মহিলা। ইয়াৰ পূৰ্বে ১৯০৩ চনত মাৰিকিউৰী, ১৯৬৩ চনত মাৰিয়া গুইপ্ৰিট মায়াৰ আৰু ২০১৮ত ডুনা ষ্ট্ৰিকলেণ্ডৰ পিছত এই ন’বেল লাভ কৰা চতুৰ্থগৰাকী মহিলা হৈছে আমেৰিকাৰ আণ্ড্ৰে গেজ। উল্লেখ্য যে পদাৰ্থবিজ্ঞানৰ ন’বেল লাভ কৰাৰ নামত পোৱা মুঠ ধনৰ আধা অংশ ৰোজাৰ পেনৰোজে লাভ কৰিব আৰু আন অংশ যুটীয়াভাৱে ৰেইনহাৰ্ড গেঞ্জেল আৰু আণ্ড্ৰে গেজে লাভ কৰিব। পদাৰ্থবিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকসকলে সোণৰ পদকসহ ৮ কোটি টকাতকৈও অধিক ধন লাভ কৰিব।