Page Nav

HIDE

আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যজুৰি চকা বন্ধ

মহানগৰ প্ৰতিবেদক, ৪ অক্টোবৰ : সদৌ অসম মটৰ পৰিবহণ সন্থাই কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যজুৰি চকা বন্ধৰ ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাজ্যজুৰি স...

মহানগৰ প্ৰতিবেদক, ৪ অক্টোবৰ : সদৌ অসম মটৰ পৰিবহণ সন্থাই কাইলৈৰ পৰা অনিৰ্দিষ্ট কাললৈ ৰাজ্যজুৰি চকা বন্ধৰ ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাজ্যজুৰি সাধাৰণ লোকসকলে নানা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। মটৰ পৰিবহণ সন্থাই পৰিবহণ ব্যৱসায়ৰ প্ৰতি চৰকাৰৰ মাহীআইৰ দৃষ্টিৰ প্ৰতি ক্ষুণ্ণ হৈ এই চকা বন্ধৰ ঘোষণা কৰিছে। তেওঁলোকে চৰকাৰৰ ওচৰলৈ দাবী জনাইছে ক’ভিড প্ৰট’কলৰ সময়ছোৱাত ৫০ শতাংশ পথ কৰ ৰেহাই দিব লাগে। সন্থাটোৱে শেহতীয়াকে প্ৰকাশ কৰিছিল যে দিনকদিনে নিৱনুৱা সমস্যাই জুৰুলা কৰাৰ সময়তে কিছু শিক্ষিত নিৱনুৱাই ঋণ লৈ পৰিবহণ ব্যৱসায়ৰ লগত জড়িত হৈ নিজকে আত্মনিৰ্ভৰশীল কৰাৰ চেষ্টা চলাইছিল যদিও সামগ্ৰিক পৰিস্থিতিত তেওঁলোকৰ না জল, না-স্থল অৱস্থাৰ সৃষ্টি হৈছে। 

বছৰৰ প্ৰথম ভাগৰ পৰাই ‘কা’ আন্দোলনৰ নামত আৰু পিছত কোৰোনা সৃষ্ট পৰিস্থিতিত তেওঁলোকৰ পৰিয়াল ভৰণ-পোষণ দিয়াৰ বাবে নানা সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি ঋণৰ কিস্তি পৰিশোধ, ইন্সুৰেন্স, পথ কৰৰ নামতো নানা সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে এক জটিল সময়ছোৱাত চৰকাৰৰ পৰা ক্ষুদ্ৰতম সাহায্যৰ পৰাও বঞ্চিত হৈছে শিক্ষিত নিবনুৱাসকল। লগতে ভূতৰ ওপৰত দানহ পৰাদি পৰিবহণ বিভাগে বিভিন্ন অজুহাতত জৰিমনা বিহিবলৈ আৰম্ভ কৰি পৰিবহণ ব্যৱসায়ৰ কফিনত শেষ গজাল মৰাৰ চেষ্টা চলাইছে। ক’ভিড মহামাৰীৰ ফলত উদ্ভৱ হোৱা আৰ্থিক শোচনীয় অৱস্থাৰ ওপৰত ৮ মে’ৰ পৰা ৰাজ্য চৰকাৰক পৰিবহণ সন্থাই কিছু দাবী জনাই আহিছিলোঁ। ইমানৰ পিছতো চৰকাৰে আমাৰ দাবীসমূহ উপেক্ষা কৰিছে। যাৰ বাবে উপায়ান্তৰ হৈ কাইলৈৰ পৰা অসমৰ সকলোধৰণৰ যাত্ৰী পৰিবহণৰ ব্যৱস্থা অনিৰ্দিষ্টকালৰ বাবে চকা বন্ধ কৰা হৈছে।