Page Nav

HIDE

বিজেপি চৰকাৰৰ দিনত সংঘটিত নিযুক্তি কেলেংকাৰীৰ চি বি আইৰ তদন্তৰ দাবী ‘স্বৰাজ অসম’ৰঃ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ ছেে›I×ম্বৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে মুখ্যমন্ত্ৰী ...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ ছেে›I×ম্বৰ ঃ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ আমোলত সংঘটিত হোৱা আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ কেলেংকাৰীকে ধৰি বিগত দিনবোৰত সংঘটিত প্ৰতিটো নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী জনাই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈয়ে। এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিত স্বৰাজ অসমৰ মুখ্য আহ্বায়ক ভবেন সন্দিকৈ, আহ্বায়ক তৰুণ ডেকা আৰু প্ৰণৱ ডেকাই অভিযোগ কৰি কয় যে ‘দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতা’ আৰু ২৫ লাখ নিবনুৱাক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰতিৰে শাসনৰ গাদী দখল কৰা এই চৰকাৰখনৰ দিনত হোৱা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াতে কেলেংকাৰী সংঘটিত হৈছে। শাসকীয় দলৰ মন্ত্ৰী, নেতা-পালিনেতাসহ বহু শীৰ্ষ আমোলা-বিষয়াৰ নাম সাঙোৰ খাই পৰা এনে কেলেংকাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ-ক্ষোভ স্তিমিত কৰাৰ স্বাৰ্থত তদন্তৰ ভেঁকো-ভাওনা অথবা তদন্ত আয়োগ ঘোষণা কৰিয়ে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সামৰিছে। 

বিগত বৰ্ষত ৰাজ্য কঁপাই যোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰীৰ বিৰুদ্ধে গঠিত অতিৰিক্ত মুখ্য সচিব জিষু্ণ বৰুৱা তদন্ত কমিটীৰ প্ৰতিবেদন আজিও ৰাজহুৱা নহ’ল। এনে ধৰণে সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ আমোলত অনুষ্ঠিত কোনো এটা নিযুক্তি কেলেংকাৰীয়ে ন্যায় নেপালে ৰাজ্যখনৰ লক্ষ লক্ষ নিবনুৱা যুৱক-যুৱতীয়ে। সাঁচতীয়া ধন অথবা গৰু-ছাগলী বিক্ৰী কৰি আবেদন-পত্ৰৰ খৰচ অথবা পৰীক্ষাত অৱতীৰ্ণ এইসকল দুৰ্ভগীয়া নিবনুৱাৰ স্বাৰ্থৰ বিপৰীতে বাৰে বাৰে ব্লেকলিষ্টেড আৰু বিতৰ্কিত কোম্পানী কেইটামানক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সুযোগ দি শাসকীয় দলৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাক চাকৰিৰ বজাৰ খুলি দিছে এইখন চৰকাৰে। এইক্ষেত্ৰত ৰাজ্যখনৰ একাংশ নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশিক্ষণৰ লগত জড়িত প্ৰতিষ্ঠানৰ ভূমিকাৰ ওপৰতো সন্দেহ ব্যক্ত কৰি কেৱল চি বি আই তদন্তৰ জৰিয়তেহে এই বিশাল চাকৰিৰ ছিণ্ডিকেট চক্ৰটোক নাকী লগোৱা সম্ভৱ বুলি বিবৃতিটোত উল্লেখ কৰিছে। পত্ৰখনত বিগত নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত সংবাদ মাধ্যমত উত্থাপিত এনে কিছু গুৰুত্বপূৰ্ণ অভিযোগৰ কথা উল্লেখ কৰি অসমৰ নতুন প্ৰজন্মৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত চি বি আইৰ তদন্ত দিবলৈ প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছে। লগতে পত্ৰখনত সন্দিকৈয়ে শেহতীয়া এই নিযুক্তি কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক বিমল বৰা, নাৰায়ণ ডেকাসহ বহু হাইপ্ৰ’ফাইল নেতা-পালিনেতাসহ অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া জড়িত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চি বি আই তদন্তৰ অবিহনে এই কেলেংকাৰীৰ তথ্য পোহৰলৈ নাহে বুলি পত্ৰখনত উল্লেখ কৰি চিবিআই তদন্তৰ প্ৰয়োজনীয়তাৰ কথা প্ৰধানমন্ত্ৰীক অৱগত কৰা বুলি বিবৃতিটোত উল্লেখ কৰিছে।