Page Nav

HIDE

কা বাতিলৰ দাবীত যোৰহাটত আছুৰ বৃহৎ প্ৰতিবাদী কার্যসূচী

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট  ৫ অক্টোবৰ :  সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৩০ জনগোষ্ঠীয় সংগঠ...




ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট  ৫ অক্টোবৰ :  সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৩০ জনগোষ্ঠীয় সংগঠন , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন বাতিল, ২০১৯ বাতিল , ই.আই.এ বাতিল , বাঘজানৰ ক্ষতিগ্রস্থ লোকসকলক সংস্থাপন তথা সাহাৰ্য্য প্ৰদান তথা অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰীকৰণৰ দাবীত  যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিপাংক নাথ উপস্থিত থকা প্ৰতিবাদী কার্যসূচীটোত প্ৰায় সহস্ৰাধিক ছাত্ৰ কৰ্মীয়ে হাতে হাতে বেনাৰ আৰু প্লে'কাৰ্ড লৈ 'ই.আই.এ. বাতিল কৰক ' ,  ' কা বাতিল কৰক ' , ' অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন অতিশীঘ্ৰে কাৰ্যকৰীকৰণ কৰক' , 'বাঘজানৰ ক্ষতিগ্ৰস্ত লোকসকলক অতিশীঘ্ৰে সাহাৰ্য্য আৰু সংস্থাপন প্ৰদান কৰক ' , ' জাতিৰ প্ৰতাৰক সৰ্বানন্দ সোণোৱাল নিপাত যাওঁক ' , ' মিথ্যাচাৰী বিজেপি মূর্দাবাদ ' ,  ' নৰেন্দ্ৰ মোডীৰ দাদাগিৰী অসমত নচলিব ' , ' অসমৰ মানুহৰ হাতৰ পৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰ কাঢ়ি নিব বিচৰা কাৰ্য সহ্য কৰা নহ'ব ' , ' বাঘজানৰ জুই  নুমুৱাব নোৱাৰা অইল ইণ্ডিয়া গ' বেক ' ইত্যাদি শ্ল'গানেৰে  প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে কয় ,লোকসভা আৰু ৰাজ্যসভাত থকা কেৱল সংখ্যাৰ জোৰৰ বাবে ৰাইজৰ মনৰ কথা নুশুনি সম্পূৰ্ণ স্বেচ্ছাচাৰীতাৰে একনায়কত্ববাদ চলাই অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ  কাঢ়ি নিব খোজা বিজেপি দল ধিক্কাৰ পাত্ৰ আৰু গৰিহণাৰ যোগ্য । আজিৰ পৰ্যন্ত বাঘজানৰ জুঁই তেওঁলোকে  নুমুৱাব নোৱাৰিলে । বাঘজানৰ জুঁইৰ লগতে বাঘজানবাসীৰ মনত যি কুৰা জুঁই জ্বলি আছে , সেই জুঁইয়ে কিন্তু আগন্তুক সময়ত বিজেপিক অসমৰ পৰা সম্পূৰ্ণৰূপে দহন কৰি পেলাব । 'কা'ৰ জৰিয়তে অসমৰ সভ্যতা-সংস্কৃতি , ভাষা , থলুৱা লোকৰ অস্তিত্ব কাঢ়ি নিব খোজাৰ লগতে বলপূৰ্বকভাৱে অসমীয়া মানুহৰ মতামতক গুৰুত্ব প্ৰদান নকৰি জনগণৰ আহ্বানক সম্পূৰ্ণৰূপে বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শনেৰে  ই.আই.এ. ৰ যোগেদি প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰি পেলাব বিচাৰিছে । ইয়াৰ লগতে পৰিৱৰ্তনৰ শ্ল'গানেৰে বিদেশীমুক্ত অসম গঢ়াৰ কথা কৈ অসম চুক্তি আখৰে আখৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা জাতিৰ প্ৰতাৰক সৰ্বানন্দ সোনোৱালে  অসম চুক্তিৰ ৬ নং দফাৰ বিষয়টোত অহৈতুক হস্তক্ষেপ কৰি বিশেষজ্ঞ সমিতিয়ে দিয়া প্ৰতিবেদনখন নিজৰ কোঠাৰ আলমাৰিত আবদ্ধ কৰি ৰাখিছে । যিটো বিষয় ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অধীনাধীন,সেইটো বিষয়ত দাম্ভিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহৈতুক হস্তক্ষেপ কৰি তথা সৰ্বানন্দ সোনোৱালে সম্পূৰ্ণ জাতিবিৰোধী মনোভাৱেৰে এই প্ৰতিবেদনখন কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিছে । এইয়া আমি কোনোকাৰণতে মানি ল'ব নোৱাৰো । ছাত্ৰ সন্থাৰ স্পষ্ট মত , 'কা' আমি নামানো , 'কা'ৰ নামত অসম চুক্তিৰ ৬ নং দফাৰ দৰদাম নচলিব । অসম চুক্তিৰ ৬ নং দফা অনুসৰি লাভ কৰিবলগীয়া খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকৱচ আমাৰ প্ৰাপ্য আৰু সেই প্ৰাপ্য আমাক প্ৰদান কৰিবই লাগিব । সেয়েহে এই মিথ্যাচাৰী , সাম্প্ৰদায়িক , ফেঁচীবাদী মনোভাৱেৰে চলাই নিয়া চৰকাৰখনৰ বিৰুদ্ধে মানৱ সভ্যতাৰ এই জটিল সন্ধিক্ষণতো স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি চলি আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছোঁ । পৰৱৰ্তী সময়ত গাঁৱে-ভূঞে বিস্তৃতভাৱে এই আন্দোলন  অধিক ধাৰাবাহিক আৰু জংগীৰূপত চলাই নিয়া হ'ব । সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য উৎপল শৰ্মা উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীটোত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ আন এগৰাকী  সদস্য সূৰ্যকুমাৰ ভূঞাই কয় , বিজেপি নেতৃত্বাধীন দিল্লী-দিছপুৰত থকা দুয়োখন চৰকাৰে কেৱল ভোট বেংক আৰু পুঁজিপতিকহে চিনি পায় । আৰু এটা চিৰস্থায়ী ভোট বেংক গঠনৰ নামত আৰু পুঁজিপতিৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ স্বাৰ্থত  তেওঁলোকে অসমীয়া মানুহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ  কাঢ়ি নি অসমীয়া মানুহৰ স্বাভিমানত আঘাত কৰিবলৈও কুণ্ঠাবোধ নকৰে । ৮৩০ টকাৰ প্ৰলোভন প্ৰদান কৰি তেওঁলোকে জাতি বচাব বিচাৰিছে ।  কিন্তু এইবাৰ অসমৰ ৰাইজে তেওঁলোকৰ প্ৰলোভনত ভৰি নিদিয়ে বুলি আমাৰ বিশ্বাস । সেয়েহে ৰাইজক সংঘবদ্ধ কৰি ছাত্ৰ সন্থাই আগন্তুক সময়ত  বিজেপিৰ প্ৰতিটো জনবিৰোধী নীতিৰ বিৰোধীতাৰে আন্দোলন চলাই নিব ।  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱ শইকীয়া , সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈ বৰা  , গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মৃদুল খাউণ্ড ইত্যাদিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া ও সদস্যই সক্ৰিয় অংশগ্ৰহণ কৰি প্ৰতিবাদী কাৰ্যসূচীটো শক্তিশালী কৰি তোলে ।