Page Nav

HIDE

বাবৰি মহজিদ ধ্বংসৰ ৰায়দানঃ উপযুক্ত তথ্যৰ অভাৱত আদৱানী, উমা ভাৰতীকে ধৰি ৩২ গৰাকী অভিযুক্তক নিৰ্দোষী ঘোষণা আদালতৰ

নতুন দিল্লীঃ আজি বহু প্ৰতীক্ষিত উত্তৰ প্ৰদেশৰ বাবৰি মছজিদ ধ্বংসৰ ৰায়দান কৰা হয়। লক্ষ্ণৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মছজিদ ধ্বংসৰ ৰায়দান কৰ...

নতুন দিল্লীঃ আজি বহু প্ৰতীক্ষিত উত্তৰ প্ৰদেশৰ বাবৰি মছজিদ ধ্বংসৰ ৰায়দান কৰা হয়। লক্ষ্ণৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মছজিদ ধ্বংসৰ ৰায়দান কৰে। বাবৰি মছজিদ ধ্বংসৰ ৰায়দান কৰি লক্ষ্ণৌৰ চি বি আইৰ বিশেষ আদালতে বাবৰি মছজিদ ধ্বংসৰ ঘটনা পূৰ্বপৰিকল্পিত নাছিল বুলি কয় আৰু এই ঘটনাৰ সৈতে জড়িত ৩২জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰে। ইয়াৰ লগে লগে বাবৰি মছজিদ ধ্বংসৰ গোচৰত অভিযুক্ত বিজেপিৰ বৰ্ষীয়ান নেতা এল কে আদৱানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতীকে ধৰি ৩২গৰাকী অভিযুক্তক ৰেহাই দিয়া হয়। আদালতে এইসকল অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ নোহোৱা বাবে ৰেহাই দিয়া হয় আৰু আদৱানী, যোশী আৰু ভাৰতীয়ে উন্মত্ত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল বুলি ৰায় দিয়ে। 

আজি আদালতে ৩২জনকৈ অভিযুক্তক আদালতত হাজিৰ হ’বলৈ কয় যদিও স্বাস্থ্যজনিত সমস্যাৰ বাবে এল কে আদৱানী, যোশী, উমা ভাৰতীকে ধৰি বহুকেইগৰাকী অভিযুক্ত আদালতত উপস্থিত হ’ব নোৱাৰে। তেওঁলোকে ভিডিঅ’ কনফাৰেন্সযোগে আদালতৰ ৰায়দানৰ শুনানিত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯২ চনত ৰাম জন্মভূমি অযোধ্যাত স্থাপন কৰা বিতৰ্কিত বাবৰি মছজিদ ৰাম সেৱকসকলে ধ্বংস কৰিছিল। বিগত বৰ্ষত ভাৰতীয় উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায়দান কৰিছিল।