Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আদ্যশ্ৰাদ্ধত স্মৰণ বিশিষ্ট উদ্যোগী ড0 অজিত কুমাৰ ভাগৱতীক : স্মৃতি গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ৩১ অক্টোবৰ :  অসম তথা উত্তৰ পূৱ ভাৰতৰ উদ্যোগ জগতৰ এটি চিনাকি নাম প্ৰয়াত অজিত কুমাৰ ভাগৱতী তথা  অসম কৃষি বিশ্ববিদ্যা...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ৩১ অক্টোবৰ :  অসম তথা উত্তৰ পূৱ ভাৰতৰ উদ্যোগ জগতৰ এটি চিনাকি নাম প্ৰয়াত অজিত কুমাৰ ভাগৱতী তথা  অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ মীন মহাবিদ্যালয়ৰ প্ৰাক্তন ডীন ড° অজিত কুমাৰ ভাগৱতী আছিল একেধাৰে বিশিষ্ট লেখক, সমাজসেৱক আৰু উদ্যমী উদ্যোগী ৷ উত্তৰ পূৱ ভাৰতত বিজ্ঞান ভিত্তিত কুকুৰা পালনত অগ্ৰণী ভূমিকা লোৱা ড° ভাগৱতী দেৱে দীৰ্ঘদিন ধৰি ইষ্টাৰ্ণ ইণ্ডিয়া পলট্ৰী ফৰামৰ সভাপতিৰ পদ অলংকিত কৰাৰ লগতে সদৌ অসম কুকুৰা পালক আৰু ব্যৱসায়ী সন্থাৰ সভাপতি আছিল ৷ তেখেতৰ জীৱনকালত পশ্চিমবংগ চৰকাৰৰ পৰা পলট্ৰী জগতত বিশেষ পাৰদৰ্শিতা বঁটা পাবলৈ সক্ষম হোৱা ড° ভাগৱতীদেৱে কেইবাবাৰো অসম চৰকাৰৰ পৰা বিশেষ পুৰস্কাৰেৰে সন্মানিত হৈছিল ৷ 

যোৱা ২১ অক্টোবৰত গুৱাহাটীত পৰলোক প্ৰাপ্তি ঘটা প্ৰয়াত ড° ভাগৱতীদেৱৰ আদ্যশ্ৰাদ্ধ আজি বেচ আৰম্বৰপূৰ্ণভাৱে তেখেতৰ যোৰহাট লখিমী নগৰ বাসভৱনত সম্পন্ন কৰা হয় ৷ পলট্ৰী উদ্যোগৰ সৈতে জড়িত ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ব্যক্তিৰ উপস্থিতিত হোৱা শ্ৰদ্ধাঞ্জলি অনুস্থানত সদৌ অসম কুকুৰা পালক সন্থাৰ সভাপতি সম্পাদক, ইণ্ডোনেছিয়াৰ জাফা(Japfa) কোম্পানীৰ মূখ্য পৰিচালক অমিয় নাথ, নৰ্থ ইষ্ট পলট্ৰী হাউচৰ শাখা পৰিচালককে আদি কৰি স্থানীয় লখিমী নগৰৰ কেইবাটাও সামাজিক অনুষ্ঠানে ভাগৱতীদেৱৰ স্মৃতিত পূষ্প অৰ্ঘ প্ৰদান কৰে ৷ 

ড° ভাগৱতীদেৱৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখন স্মৃতিচাৰণ সভাত এখনি স্মৃতিগ্ৰন্থ আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত "আজিৰ প্ৰতিনিধি" নামেৰে এখন আলোচনী উন্মোচিত হয় ৷ অসম চৰকাৰৰ বিধান সভাৰ অধক্ষ্য মাননীয় হীতেন্দ্ৰ নাথ গোস্বামী, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত ডেকা, যোৰহাটৰ মাননীয় উপায়ুক্ত  অপাৰাঞ্জি কৰাটি, ইষ্টাৰ্ণ ইণ্ডিয়া পলট্ৰী ফ'ৰামৰ সভাপতি মদন মোহন মাইটী, সদৌ অসম কুকুৰা পালক সন্থাৰ নীৰেণ দাস, নীখিল নাথ, ড° মৃদুল বৰা, আশ্ৰাফুল ইছলাম, হেমেন ভড়ালী আৰু বহতো গন্য মান্য ব্যক্তিৰ শোক প্ৰস্তাৱৰে আট ধৰা স্মৃতিচাৰণ সভাত ড° ভাগৱতী দেৱৰ বিভিন্ন সামাজিক কামৰ লগতে উদ্যোগ জগতলৈ আগবঢ়োৱা বৰঙনিৰ ওপৰত আলোপাত কৰা হয় ৷

No comments