Page Nav

HIDE

বিশিষ্ট শিক্ষাবিদ ড0 আদিল উল য়াচিনৰ গ্ৰন্থ " হজৰত লোকমান হেকিম(আ:)ৰ উপদেশনামা " উন্মোচন VIDEO

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৮ অক্টোবৰ :   ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিভাগৰ  প্ৰাক্তন মুৰব্বী অধ্যাপক ড0 আদিল উল য়াচিনৰ " হজৰত ল...




ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৮ অক্টোবৰ :   ডিব্ৰুগড়ৰ বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিভাগৰ  প্ৰাক্তন মুৰব্বী অধ্যাপক ড0 আদিল উল য়াচিনৰ " হজৰত লোকমান হেকিম(আ:) উপদেশ মালা গ্ৰন্থখন আজি গণতান্ত্ৰিক ফ'ৰামে যোৰহাটৰ বিশিষ্ট অধিবক্তা প্ৰয়াত আলহাজ ইকবাল আহমেদৰ বাসগৃহৰ চৌহদত আয়োজন কৰা  গ্ৰন্থ উন্মোচনী সভাত এই গ্ৰন্থ খন উন্মোচন কৰা হয় । ইছলাম ধৰ্মৰ অন্যতম মহাপুৰুষ " হজৰত লোকমান হেকিম(আ:) যি জন লোক এহেজাৰ বছৰ জীয়াই থকা বুলি ইছলাম ধৰ্মৰ বহু গ্ৰন্থত প্ৰকাশ হৈছে, তেনে এজন মহাপুৰুষৰ বহু ধৰ্মীয় আৰু আধ্যাত্মিক   উপদেশসমূহ সম্বলিত এখন হাতপুথি ৰূপী গ্ৰন্থ "" হজৰত লোকমান হেকিম(আ:) উপদেশমালা "" নামৰ গ্ৰন্থখন উন্মোচন কৰে ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষক তথা যোৰহাটৰ জ্যেষ্ঠ নাগৰিক আলহাজ নাজিমুদ্দিন খনিকৰে । উক্ত গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ জনে তেঁওৰ বক্তব্যত কয় যে কোনো কাম কাৰোবাৰ দ্বাৰা সম্পন্ন হলে বা কোনো লোকে উপযুক্ত এটা কাম কৰি দিলে সেই লোকজনক কৃতজ্ঞতা জনাব লাগে ।আৰু ভাল ধৰণে কোনো কাম সমাপন হলেও নেদেখাজনক আমি কৃতজ্ঞতা জনাব লাগে । আমি কৃতজ্ঞতা জনোৱাৰ অভ্যাস কৰিব লাগে  বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ কয় যে  যি জন মহাপুৰুষৰ ওপৰত ড0 য়াচিনে এই গ্ৰন্থ লিখি উলিয়াইছে সেই মহাপুৰুষ জন সেই সময়ত প্ৰায় এহেজাৰ বছৰ জীয়াই আছিল আৰু তেওঁ এজন কাঠমিস্ত্ৰী আছিল । লগতে  গ্ৰন্থখনৰ বিষয়বস্তুৰ সন্দৰ্ভত বিস্তৃতভাবে তেওঁ আলোকপাত কৰে ।  গণতান্ত্ৰিক ফ'ৰামৰ সভাপতি আলহাজ তফচিউল মান্নানে পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনৰ আঁত ধৰি উদ্দেশ্য বাখ্যা কৰে ফ'ৰামৰ সম্পাদক দীপক ৰফিক আহমেদে । তেওঁ বৰ্তমান সময়ত হাতপুথিৰ আৱশ্যকতাৰ সন্দৰ্ভত উদ্দেশ্য বাখ্যাত উল্লেখ কৰে । গ্ৰন্থ খনৰ লিখক ড0 আদিল উল যাঁচিনে কয় যে এই গ্ৰন্থখন কেনেকৈ লিখি উলিয়ালে , তথ্যবোৰ কৰ পৰা সংগ্ৰহ কৰিলে এই সন্দৰ্ভত আলোকপাত কৰে ।  ইয়াৰ পূৰ্বে সভাত পুৰণা বালিবাট মছজিদৰ ইমামে  কোৰাণৰ শ্লোক পঢ়ি বিশ্বশান্তিৰ বাবে এক   সমজোৱা দোৱা কৰে । উক্ত সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উল্লেখিত ব্যক্তিসকলৰ উপৰিও সমাজ কৰ্মী আলহাজ নেকিবুৰ ৰহমান বৰবৰা , হাচিম হাজৰিকা ,আলহাজ ৰেজাউল যাঁচিন ,ৰাফে যাঁচিন , মছৰফ বৰবৰা, আলহাজাইন চাজিদা য়াচিন , মল্লিকা ৰহমানকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত আছিল । সভাত বিশিষ্ট ব্যক্তিসকলৰ লগতে দৈনিক গণ অধিকাৰ কাকতৰ সাংবাদিক নেকিব আহমেদৰ লগতে গ্রন্থ খন প্ৰকাশক এম ৰিজু আহমেদকো সম্বৰ্ধনা জনায় ।