Page Nav

HIDE

মাজুলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ:SI পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত CBIক অৰ্পণ কৰাৰ দাবী

পৰাণজ্যোতি বৰা, মাজুলী,৩০ছেপ্টেম্বৰ : মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা NSUIৰ উদ্যোগত আজি গড়মূৰ  তিনিআলিত কৃষক বিৰোধী আইনখনক বাতিলৰ দাবীত প...


পৰাণজ্যোতি বৰা, মাজুলী,৩০ছেপ্টেম্বৰ : মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা NSUIৰ উদ্যোগত আজি গড়মূৰ  তিনিআলিত কৃষক বিৰোধী আইনখনক বাতিলৰ দাবীত প্ৰতিকৃতি দাহ কৰাৰ লগতে SI পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত CBIক অৰ্পণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।  সম্পূৰ্ণকৈ কভিড প্ৰটকল মানি আয়োজন কৰা কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মাজুলী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক দাদু টায়ে ডাঙৰীয়াই উপস্থিত থাকি কৃষক সকলক কৰা অন্যায় বিৰুদ্ধে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত SI পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে সমালোচনা কৰি কয় যে অসমৰ ইতিহাসত সকলোতকৈ বৃহৎ দুৰ্নীতি এই SI পৰীক্ষাৰ দুৰ্নীতি । পৰীক্ষাৰ আগদিনা বন্ধ কোঠাত পৰীক্ষাৰ অনুশীলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ দুৰ্নীতিত বিজেপি নেতা সাঙোৰ খোৱা ঘটনাই প্ৰমাণ কৰে যে বিজেপি দলে কেনেদৰে চৰকাৰৰ কাম কাজসমূহ নিয়ন্ত্ৰণ কৰে । তাৰোপৰি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ তত্বাৱধায়ক বিমল বৰাৰ নাম দুৰ্নীতিৰ অভিযোগত উত্থাপিত  ঘটনা‌ই  প্ৰমাণ কৰে যে এই তদন্ত কিমান নিৰপেক্ষতা অৱলম্বন কৰিব । সেয়ে কংগ্ৰেছ দলে CBIৰ দ্বাৰা এই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে । কাৰ্যসূচীত উপস্থিত থাকি যুৱ ব্ৰিগেডৰ সভাপতি দীনমণি দত্ত‌ই বিমল বৰাক তদন্তৰ আওতালৈ আনিলেই মুখ্যমন্ত্ৰীৰ শূণ্যসহনশীলতাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিব বুলি মতপোষণ কৰে । একেদৰে মাজুলী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েঙে কয় যে লকডাউনৰ ফলত অধিক নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত SI পৰীক্ষা‌ই কিছু সকাহ দিছিলহে কিন্তু এই নিবনুৱা যুৱক যুৱতী সকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কেৱল বিজেপি নেতাৰ সান্নিধ্যত থকা সকলক নিযুক্তি দিয়াৰ উদ্দেশ্যে যি দুৰ্নীতি কৰিলে এইয়া কেৱল নিন্দনীয়‌ই নহয় , ঘৃণনীয়‌ও । নিবনুৱা ভাই ভনী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিজৰ স্বচ্ছতা প্ৰমাণ কৰি দেখুৱ‌আওক ।  যদি বিজেপিৰ বিধায়ক নেতা দুৰ্নীতিৰ লগত জড়িত নাই তেন্তে তদন্তৰ দায়িত্ব CBIক দিবলৈ কিয় ভয় কৰিছে বুলি‌ও প্ৰশ্ন কৰে । অনুস্থানত মাজুলী জিলা যুৱ কংগ্ৰেছৰ সভাপতি দেৱকান্ত দাসে  ইতিমধ্যে বিমল বৰাৰ নাম সাঙোৰ খোৱাৰ উদাহৰণ আঙুলিয়াই তেওঁক তদন্তৰ আওতালৈ আনিলেই প্ৰকৃত কেলেংকাৰীৰ নায়কজন ধৰা পৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই । জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি হাজৰিকাই অতি শীঘ্ৰে CBIক তদন্তৰ দায়িত্ব অৰ্পণ কৰিবলৈ দাবী জনোৱাৰ লগতে তদন্তৰ আওতাত বিমল বৰাক আনি তদন্ত কৰিলেই দুধকা দুদ পানীকা পানী ওলাই পৰিব বুলি তীৰ্যক মন্তব্য আগবঢ়াই । ৰাজীৱ ভৱনৰ পৰা উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত গড়মূৰ তিনিআলিত বিভিন্ন শ্ল গান দি পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদ কাৰি সকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিমল বৰা, নামৰ প্ৰতিলিপি দাহ কৰে।অনুস্থানত মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে,জিলা কংগ্ৰেছৰ সম্পাদক দিলিপ গাম, মাজুলী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি পুলক ওজাকে ধৰি বহু যুৱ কংগ্ৰেছ তথা NSUIৰ জিলা কমিটিৰ লখ্যজিত শ ইকীয়া, দধী গাম, ৰিংকু পায়েং বিষয়ববীয়া উপস্থিত থাকে ।