Page Nav

HIDE

দা ইভেন্ট, যোৰহাটৰ দ্বাৰা ৰোপণ , অৰ্কিড

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২৮-  ছেপ্টেম্বৰ:২০০৯ চনতে যোৰহাটত জন্ম লাভ কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্ট যোৰহাটৰ উদ্যোগত আজি যোৰহাটৰ ঐতিহ...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২৮-  ছেপ্টেম্বৰ:২০০৯ চনতে যোৰহাটত জন্ম লাভ কৰা সামাজিক সাংস্কৃতিক অনুষ্ঠান দা ইভেন্ট যোৰহাটৰ উদ্যোগত আজি যোৰহাটৰ ঐতিহ্যমণ্ডিত পবিত্ৰ স্থান বৰভেটিত কেইবা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰা হ'য়। উল্লেখনীয় যে আজি প্ৰায় ১০ বছৰে যোৰহাটৰ লগতে বিভিন্ন ঠাইত গছপুলি ৰোপণৰ লগতে সজাগতা অনুষ্ঠান সমাপন কৰা দা ইভেন্টে এই বছৰৰ ৫ জুনৰ পৰা বিভিন্ন ৰাজহুৱা ঠাইত অৰ্কিড ৰোপণ আৰম্ভ কৰিছে। বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সম্পাদক থানুৰাম দাস, সদস্য পুলিন দাস আৰু উপস্থিত ভক্তবৃন্দই এই প্ৰচেষ্টাৰ সলাগ লয়।দা ইভেন্টৰ সভাপতি সামাজিক সাংস্কৃতিক উদ্যোগী সমীৰ ৰয়ে অনাগত দিনত আন কেইবা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰি সংৰক্ষণ আৰু প্ৰতিপালন কৰিব বুলি মত প্ৰকাশ কৰে।