ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টম্বৰ ঃ বিটিএডিত নিৰ্বাচন অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই। আজ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৩ ছেপ্টম্বৰ ঃ বিটিএডিত নিৰ্বাচন অতিশীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াই। আজি দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত সাংসদ নৱ শৰণীয়া আৰু গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বই কয় যে ৰাজ্যপালৰ শাসনক তেওঁলোকে আদৰণি জনাইছিল যদিও বিটিএডিত ৰাজ্যপালৰ এই শাসন দীৰ্ঘদিনীয়া হ’ব নালাগে। অহা ২৭ অক্টোবৰৰ পূৰ্বে স্থগিত হৈ থকা নিৰ্বাচন সম্পূৰ্ণ হ’ব লাগে বুলি উল্লেখ কৰি সাংসদ নৱ শৰণীয়াই কয় যে বিটিএডিৰ নিৰ্বাচন বাতিল কৰাৰ বাবে স্বাস্থ্য তথা বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগত আবেদন কৰা বুলি মন্তব্য কৰিছে যদিও গণ সুৰক্ষা পাৰ্টীয়ে বিচাৰে যে দেশৰ অন্যান্য প্ৰান্তত যেনেদৰে ক’ভিড পৰিস্থিতিৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ যো-জা কৰা হৈছে, ঠিক তেনেদৰে বিটিএডিত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। বিটিএডিত এতিয়াও নিৰ্বাচনী আচৰণবিধি চলি আছে, কিন্তু শাসকীয় মন্ত্ৰীয়ে সভা-সমিতি অনুষ্ঠিত কৰি বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰি আছে বুলি উল্লেখ কৰি বিজেপি মন্ত্ৰীৰ এনে কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সাংসদগৰাকীয়ে। আনহাতে বিটিআৰ চুক্তি অনুসৰি নতুন অঞ্চলসমূহ সংযোজনৰ পূৰ্বে অবড়ো গাঁওসমূহ কৰ্তন কৰাৰ আহবান জনায় সাংসদগৰাকীয়ে। তদুপৰি চুক্তি কাৰ্যকৰী কৰাৰ পূৰ্বে অবড়ো সংগঠনৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব লাগে বুলি বিটিএডিত ১৭ বছৰ ধৰি অবড়ো লোকসকলে তীব্ৰ প্ৰত্যাহবানেৰে জীয়াই থাকিব লগা হৈছে বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনহাতে বিটিএডিত কোনো কাৰণতে অসমীয়া ভাষা দ্বিতীয় ভাষা হ’ব নোৱাৰে বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে।
No comments