Page Nav

HIDE

যোৰহাটৰ বহুমহলীয়া গাড়ীৰ পাৰ্কিং শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত যুৱ - ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ ছেপ্টেম্বৰ :  যোৰহাট নগৰৰ পুৰণা বাছ আস্থানৰ ভূমিত বহু মহলীয়া গাড়ী পাৰ্কিংৰ কাম সম্পুৰ্ণ নকৰাৰ প্ৰতিবাদত অসম জাতী...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ ছেপ্টেম্বৰ :  যোৰহাট নগৰৰ পুৰণা বাছ আস্থানৰ ভূমিত বহু মহলীয়া গাড়ী পাৰ্কিংৰ কাম সম্পুৰ্ণ নকৰাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ যোৰহাট মহানগৰ সমিতিয়ে আজি উক্ত অধ:নিৰ্মিত পাৰ্কিং বিল্ডিঙৰ সন্মুখতে ধৰ্ণা - প্ৰতিবাদেৰে উত্তাল কৰে । পৌৰসভা হায় হায় ,জিলা প্ৰশাসন হায় হায় ,বিজেপি চৰকাৰ হায় হায় ,দুৰ্নীতিগ্ৰস্থ বিষয়া ঠিকাদাৰক গ্ৰেপ্তাৰ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । পৰিষদৰ পৰা কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০১৩ চনৰ অক্টোবৰ মাহতে উক্ত পাৰ্কিংৰ গৃহতোৰ আধাৰশিলা স্থাপন কৰি দুটা বছৰৰ ভিতৰতে পাৰ্কিংৰ কাম সম্পন্ন হব বুলি সেই সময়তে প্ৰতিশ্ৰুতি দিছিল । কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল । পাছত বিজেপিৰ  কামাখ্যা প্ৰসাদ তাছায়েও সেই সময়ত লোকসভাৰ নিৰ্বাচনৰ সময়ত এই পাৰ্কিং গৃহতো নিৰ্মাণৰ কামত দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কামত নাহিল । তেওঁৰ সংসদৰ সময়তো উক্ত কাম সম্পন্ন হৈ নুঠিল । ২০১৬ বিধান সভাৰ নিৰ্বাচনৰ সময়তো এই বহুমহলীয়া পাৰ্কিং গৃহটো নিৰ্বাচনী বক্তব্য হিচাপে ব্যৱহাৰ কৰি বিজেপিয়ে যোৰহাটত  সাফল্য লাভ কৰিছিল । অৱশ্যে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ নেতৃত্বত উক্ত গৃহটোৰ কিছু কাম আগবাঢ়িছিল যদিও বিগত দুটা বছৰে নিৰ্মাণৰ কাম বন্ধ হৈ আছে । ১০ কোটি ৫১ লাখ টকাৰ ব্যয়েৰে নিৰ্মান হবলগীয়া পাৰ্কিং গৃহটো আজি পৰ্যন্ত সম্পূণন  নহল । সেইহে উক্ত পাৰ্কিংৰ কাম অতি সোনকালে সম্পূৰ্ন  কৰিবলৈ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছে । আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও জিলা উপায়ুক্তৰ যোগেদি প্ৰেৰণ কৰা বুলি জানিবলৈ দিছে ।