Page Nav

HIDE

দেশ কপোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ আজি চুড়ান্ত ৰায়দান স্থগিত , দৃষ্টান্তমুলক ঐতিহাসিক ৰায়দানৰ আশা পৰিয়ালৰ

গণবাৰ্তা বিশেষ, যোৰহাট ৩০ চেপ্তেম্বৰ :  সমগ্ৰ দেশ কপোৱা টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ আজি চুড়ান্ত ৰায়দানত স্থগ...



গণবাৰ্তা বিশেষ, যোৰহাট ৩০ চেপ্তেম্বৰ :  সমগ্ৰ দেশ কপোৱা টীয়ক চাহ বাগিচাৰ কৰ্মৰত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ আজি চুড়ান্ত ৰায়দানত স্থগিতাদেশ জাৰি কৰিছে যোৰহাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। কিছুদিন পূৰ্বে চিকিৎসক জনৰ হত্যাকাণ্ড ঘটনাৰ লগত জড়িত এজন অভিযুক্ত কাৰাগাৰত মৃত্যু হোৱাৰ পিছত উক্ত অভিযুক্ত জনৰ মৰোনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পৰীক্ষা কৰিবৰ বাবে আদালতে ৰায়দানত স্থগিতাদেশ জাৰি কৰে । পুনৰ ৫ অক্টোবৰ এই লোহমৰ্ষক হত্যাকাণ্ডৰ ৰায়দান কৰা হ'ব বুলি নিৰ্দেশ জাৰি কৰিছে সত্ৰ ন্যায়াধীশৰ আদালতে । এই গোচৰত ইতিমধ্যে সঞ্জয় ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, চুৰেশ ৰাজোৱাৰ, অজয় মাজি, দেৱেশ্বৰ ৰাজোৱাৰ, উপেন্দ্ৰ ভুমিজ, ৰাতুল ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, অনিল মাঝি, অৰ্জুন মাঝি,অৰুন মাঝি,বিজয় ৰাজোৱাৰ,বলিন ৰাজোৱাৰ,দিপক ৰাজোৱাৰ,গুলু দেৱ মাঝি, হৰি মাঝি, মিলন ৰাজোৱাৰ, প্ৰিতম মাঝি,ৰিংকু মাঝি,মিচিলাল মাঝি,চঞ্জু মাঝি, শিব চৰণ মাঝি,দেবা ৰাজোৱাৰ,কাৰ্টি‍‌‌ক ভুমিজ, টকলু ৰাজোৱাৰ, কালিচৰণ মাহালি, ৰামেশ্বৰ ভূমিজ, শিবা মাহালি, ৰাহুল ৰাজোৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বাক্তি বৰ্তমান ন্যায়িক জিম্মাত আছে। ইয়াৰে চাৰিজন মৃত চমৰা মাঝিৰ পৰিয়ালৰ।উল্লেখ্য যে ২০১৯ চনৰ ৩১ আগষ্টত টীয়ক চাহ বাগিচাত সমগ্ৰ দেশ কপাই যোৱা চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড ঘটনা সংঘটিত হৈছিল। চাহ বাগিচাৰ চমৰা মাঝি নামৰ এজন যুৱকৰ মৃত্যুক লৈ বাগিচাৰ এদল শ্ৰমিকে কৰ্মৰত অৱস্থাতে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল জেষ্ঠ চিকিৎসকগৰাকীক।দীৰ্ঘসময় চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত উন্মত্ত শ্ৰমিকৰ দলটোৱে বাধা প্ৰদান কৰাত বিনা চিকিৎসাৰে মৃত্যুক আকোৱালি লৈছিল গুৰুতৰ ভাৱে আহত জেষ্ঠ চিকিৎসকগৰাকীয়ে। ইয়াৰ পাছতেই চৌদিশে এই ঘটনাৰ উচিত ন্যায়ৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে। সৰ্বভাৰতীয় পৰ্যায়ৰ চিকিৎসক সন্থাই চিকিৎসা সেৱা অচল কৰি দিয়াৰ হুংকাৰ দিছিল।দাবী তুলিছিল ফাষ্টট্ৰেক আদালতত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ড বিচাৰৰ। ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিচাৰ প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ উচ্চ ন্যায়ালয়ক কৰা অনুৰোধৰ ভিত্তিত উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেকৰ দৰে খৰটকীয়া কৰিবলৈ নিৰ্দেশ দিছিল । আনহাতে যোৰহাট আৰক্ষীয়ে ঘটনাৰ পাচদিনৰ ভিতৰতে এই ঘটনাৰে জড়িত  ৩২ জনক গ্ৰেপ্তাৰ কৰিছিল আৰু ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ ভিতৰত ৬০২ পৃষ্ঠাৰ অভিযোগ পত্ৰ ৩২ জন অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছিল।ঘটনা সংঘটিত হোৱাৰ তেৰ মাহৰ সম্পূৰ্ণ হোৱাৰ পাছত আজি উক্ত ঘটনাৰ চুৰান্ত ৰায়দান দিয়াৰ কথা আছিল যদিও অৱশেষত হতাশাত ভূগিব লগা হয় নিহত চিকিৎসক জনৰ পত্নী তথা পৰিয়াল| অৱশ্যে এতিয়াও আদালতৰ ওপৰত  সম্পূৰ্ণ বিশ্বাস আছে বুলি মন্তব্য কৰি চিকিৎসক জনৰ পত্নী অপৰাজিতা দত্তই কয় যে আদালতৰ ৰায়দান দৃষ্টান্তমুলক আৰু ঐতিহাসিক ৰায়দান হ'ব| উল্লেখযোগ্য যে  কোৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত কিছুদিন আদালতৰ কাম কাজ বন্ধ আছিল  যদিও দেশজুৰি আলোড়ন সৃষ্টি কৰা এই গোচৰটোৰ বিচাৰ যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত চলি আছিল। দেবেন দত্ত হত্যাকাণ্ড ঘটনাৰ  সকলো এতিয়া চুড়ান্ত ৰায়দানৰ অপেক্ষাৰত ।