Page Nav

HIDE

চাহ বাগিচাৰ শ্রমিক সকলক বােনাছ দিয়াৰ সম্পর্কত জিলা প্রশাসনৰ চাহ বাগিচাৰ পৰিচালক সকলৰ লগত বৈঠক

গণ বার্তা, বিশেষ যােবহাট,  ২৯ ছেপ্টেম্বৰ :    দূর্গা পূজাৰ পূর্বে চাহ বাগিচাৰ শ্রমিক সকলক বােনাছ দিয়াৰ সম্পর্কত আজি উপায়ুক্ত কার্যালয়ৰ সভ...


গণ বার্তা, বিশেষ যােবহাট,  ২৯ ছেপ্টেম্বৰ :    দূর্গা পূজাৰ পূর্বে চাহ বাগিচাৰ শ্রমিক সকলক বােনাছ দিয়াৰ সম্পর্কত আজি উপায়ুক্ত কার্যালয়ৰ সভা গৃহত অতিৰিক্ত উপায়ুক্ত তপন গোঁহাইৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । জিলাখনৰ বিভিন্ন চাহ বাগিচাৰ পৰিচালক,এ.বি.টা, এ.টি.পি.এ ৰ প্রতিনিধি, যােৰহাট, তিতাবৰৰ চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত তপন গোঁহাইয়ে কয় যে, ৰাজ্য চৰকাৰে ৩০ ছেপ্তেম্বৰ ভিতৰত সকলাে চাহ বাগিচাৰ কর্তৃপক্ষক বোনাছ ঘোষণা কৰিবলৈ জনােৱাৰ লগতে ১২ অক্টোবৰৰ ভিতৰত  সকলো বাগিচাকে বােনাছ আদায় দিবলৈ নিদের্শ দিছে। ইতিমধ্যে জিলা খনৰ ২৪ খন বাগিচাই ২০ শতাংশ বােনাছ ঘােষণা কৰিছে বুলি কৈ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ আন বাগিচাকো ৩০ ছেপ্টেম্বৰৰ ভিতৰত বােনাছ ঘােষণা কৰাৰ লগতে ১২ অক্টোবৰৰ ভিতৰত বােনাছ দিয়াৰ কার্য সম্পূর্ণ কৰিবলৈ আহ্বান জানায় । এই ক্ষেত্রত  যাতে জিলাখনত শান্তিপূর্ণভাবে বােনাছ দিয়া কার্য সম্পন্ন হয় তাৰ বাবে বাগান কর্তৃপক্ষক জিলা প্রশাসনৰ সহযোগিতা নিষ্ঠাৰে এই কার্য সম্পাদন কৰিবলৈ পৰামর্শ দিয়ে। তদুপৰি সাম্প্রতিক কভিড ১৯ সংক্রমণৰ পৰিপ্রেক্ষিত্বত দূর্গা পূজা সমিতিসমূহক জিলা প্রশাসনে দিয়া নীতি-নিয়ম সমূহ মানি চলি অনুষ্ঠিত কৰিবলৈ আহ্বান জনােৱাৰ লগতে পূজা সমিতিসমূহক জিলা প্রশাসন অথবা মহকুমা প্রশাসনৰ পৰা অনুমতি লৈহে অনুষ্ঠিত কৰিবলৈ কয় । সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক  ইমদাদ আলিয়ে বােনাছ আদায় দিয়া কার্য শান্তিপূর্ণ আৰু নিয়াৰিকৈ হােৱাৰ পােষকতা কৰি এই ক্ষেত্রত প্রয়ােজনীয় নিৰাপত্তাৰ বাবে আৰক্ষী প্রশাসন তথা সংশ্লিষ্ট থানাৰ লগত যােগাযােগ নিশ্চিত কৰিবলৈ বাগিছাৰ পৰিচালক সকলক পৰামর্শ দিয়ে । সভাত তিতাবৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত খনিন্দ্র দাস, যোৰহাট, টীয়ক, মৰিয়নীৰ ৰাজহ চক্ৰ বিষয়াসকল, মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়-কৰ্মচাৰী সকল উপস্থিত থাকে ।