Page Nav

HIDE

অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ মৃত্যু ঃমুখ্যমন্ত্ৰীসহ বিভিন্ন দল-সংগঠনৰ শোক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ ছেপ্টেম্বৰ ঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ আৰু নাই। অষ্ট...

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ ছেপ্টেম্বৰ ঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰ আৰু নাই। অষ্ট্ৰেলিয়াৰ এখন ব্যক্তিগত হাস্পতালত টাইমূৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে চৈয়দা আনোৱাৰা টাইমূৰ কেৱল অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীয়েই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমগৰাকী মুছলমান মহিলা মুখ্যমন্ত্ৰী। টাইমূৰৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে। অসমৰ দলগাঁও সমষ্টিৰ পৰা ১৯৭২, ১৯৭৮, ১৯৮৩ আৰু ১৯৯১ চনত বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল। সমান্তৰালভাৱে ১৯৮৮ চনত ৰাজ্যসভাৰ সাংসদ হিচাপেও সংসদৰ আসন শুৱনি কৰিছিল।  উল্লেখ্য যে ১৯৩৬ চনৰ ২৪ নৱেম্বৰত চৈয়দা আনোৱাৰা টাইমূৰে জন্ম গ্ৰহণ কৰিছিল। ১৯৮০ চনত ৬ ডিচেম্বৰৰ পৰা ১৯৮১ চনলৈ চৈয়দা আনোৱাৰা টাইমূৰে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমত ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছিল আৰু কংগ্ৰেছৰ মাজতো বিদ্ৰোহৰ উকমুকনি ঘটিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসমত ৰাষ্ট্ৰপতি শাসন চলিছিল। ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ বাবেই আনোৱাৰা টাইমূৰৰ মুখ্যমন্ত্ৰীৰ এবছৰীয়া কাৰ্যকালৰ অন্ত পৰিছিল। একেদৰে চৈয়দা আনোৱাৰা টাইমূৰ ১৯৮৩ ৰ পৰা ১৯৮৫ চনলৈ গড়কাপ্টানী মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মন কৰিবলগীয়া যে আনোৱাৰা টাইমূৰে যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত ১৯৫৬ চনত অৰ্থনীতি বিভাগৰ অধ্যাপিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।  ২০১১ চনত আনোৱাৰা টাইমূৰে এ আই ইউ ডি এফত যোগদান কৰিছিল। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ মৃত্যুত ৰাজনৈতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে। উত্তৰ-পূব বাৰ কাউন্সিলৰ অধ্যক্ষ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে টাইমূৰৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। 

একেদৰে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে টাইমূৰৰ মৃত্যুত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ মৃত্যুত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমান, কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ, আমছুৰ সহকাৰী সাধাৰণ সম্পাদক তথা মহানগৰ জিলা সমিতিৰ সভাপতি মিন্নাতুল ইছলামে শোক প্ৰকাশ কৰাৰ লগতে নেমছুৰ সভাপতি বদৰুল ইছলামেও শোক প্ৰকাশ কৰে।

 মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশঃ  অসমৰ প্ৰাক্তন তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, বিশিষ্ট শিক্ষাবিদ, বৰ্ষীয়ান ৰাজনীতিবিদ চৈয়দা আনোৱাৰা টাইমূৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি এক শোকবাৰ্তাৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে চাৰি দশকৰো অধিক কাল জোৰা ৰাজনৈতিক জীৱনত চৈয়দা আনোৱাৰা টাইমূৰে ৰাজ্যখনৰ ৰাজনীতি আৰু সমাজ-জীৱনলৈ অমূল্য বৰঙনি আগবঢ়াই গৈছে। চাৰিটাকৈ কাৰ্যকালৰ বাবে বিধায়ক হিচাপে বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰয়াত টাইমূৰে  অসমৰ প্ৰথম আৰু বৰ্তমানলৈকে একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনলৈ সেৱা আগবঢ়াইছিল। 

পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগতে অসম চৰকাৰৰ গড়কাপ্টানী, কৃষি আদি বিভাগৰ এগৰাকী মন্ত্ৰী হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰি  ৰাজ্যৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে  বৰঙনি আগবঢ়াই গৈছে। এগৰাকী শিক্ষাবিদ হিচাপেও তেওঁ ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ বাবে কাম কৰি গৈছে। তেখেতৰ বিয়োগ আমাৰ ৰাজনৈতিক, শৈক্ষিক তথা সমাজ-জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে প্ৰয়াত চৈয়দা আনোৱাৰা টাইমূৰৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।