Page Nav

HIDE

বৰমাত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল: বিটি আৰ চুক্তি ৰূপায়নৰ পূৰ্বে অবড়োৰ সমস্যা সমাধানৰ দাবী

বিটিচিত দালালি নচলিব : নৱ কুমাৰ শৰণীয়া দিলীপ কুমাৰ হালৈ, বৰমাঃ বাক্সা জিলাৰ বৰমাস্থিত অবড়ো সুৰক্ষা সমিতি, অসমৰ কাৰ্যালয়ত আজি সংগঠনটোৱে এখন ...

বিটিচিত দালালি নচলিব : নৱ কুমাৰ শৰণীয়া

দিলীপ কুমাৰ হালৈ, বৰমাঃ বাক্সা জিলাৰ বৰমাস্থিত অবড়ো সুৰক্ষা সমিতি, অসমৰ কাৰ্যালয়ত আজি সংগঠনটোৱে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সংগঠনটোৱে বিটিআৰ চুক্তি ৰূপায়ণৰ পূৰ্বে অসম চৰকাৰে অবড়ো সুৰক্ষা সমিতিৰ সৈতে হোৱা আলোচনাত অবড়োসকলৰ সমস্যা সমাধান কৰা তথা অবড়ো সংগঠনৰ সৈতে আলোচনা মৰ্মে বিটিআৰ চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতি সংগঠনটোক দিছিল বুলি সংবাদমেলত প্ৰকাশ কৰে। কিন্তু অসম চৰকাৰে অবড়ো সংগঠনৰ সৈতে একো আলোচনা নকৰাকৈ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পিছত বিটিআৰ চুক্তি ৰূপায়ণৰ তৎপৰতা চলোৱাত জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি। সেয়ে সংগঠনটোৱে আজি বৰমাত সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি এখন সংবাদমেলৰ জৰিয়তে বিটিআৰ চুক্তি ৰূপায়ণৰ পূৰ্বে অবড়োসকলৰ সমস্যা সমাধান কৰাৰ দাবী জনাই এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। সেই অনুসৰি অহা ২৭ ছেপ্টেম্বৰত সজাগতা সভা, ৫ অক্টোবৰত জিলাই জিলাই অৱস্থান ধৰ্মঘট, ৯ অক্টোবৰত বিটিচি পৰিষদীয় সমষ্টিভিত্তিক বাইক ৰেলী, ১৩ অক্টোবৰত সমষ্টিভিত্তিক প্ৰতিবাদী সমদল, ২০ অক্টোবৰত দিছপুৰ চলো কাৰ্যসূচী আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰয়োজন হ’লে অনিৰ্দিষ্টকালীন বিটিএডি বন্ধ ঘোষণাৰ হুংকাৰ দিয়ে। সংবাদমেলৰ অন্তত সাংসদ নৱকুমাৰ শৰণীয়া উপস্থিত হৈ বিটিএডি আৰ্মীৰ বিৰুদ্ধে উঠা অভিযোগ ভিত্তিহীন বুলি জানিবলৈ দি ধনঞ্জয় শৰণীয়া সহিতে  দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী জনায়। ধনঞ্জয় শৰণীয়াই বিটিএডি আৰ্মীৰ হাতত অস্ত্ৰ থকা বুলি উল্লেখ কৰা কথাটো মনেসজা বুলি জানিবলৈ দি  বিটিএডি সেনাৰ কাম-কাজ সৰ্বসাধাৰণ ৰাইজক সহায়ৰ বাবে আছিল বুলি দোহাৰি সম্প্ৰতি সংগঠনটোৰ কাম-কাজ স্থবিৰ বুলি জানিবলৈ দি এই অভিযোগৰ ক্ষেত্ৰত তৃতীয় পক্ষ জড়িত থকাৰ কথা ব্যক্ত কৰে। ধনঞ্জয় শৰণীয়াই হাগ্ৰামা মহিলাৰীৰ হোটেলৰ পৰা বিটিএডি আৰ্মীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা বুলিও কয় শৰণীয়াই। ধনঞ্জয় শৰণীয়া সহিতে এটা পিষ্টলধাৰী গ্ৰুপে বড়ো-অবড়োৰ সংঘাত সৃষ্টিত লাগি থকা বুলি জানিবলৈ দি তেওঁক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায়। তদুপৰি আলোচনাপন্থী  আলফাৰ সম্পাদক অনুপ চেতিয়া আৰু ধনঞ্জয় শৰণীয়াৰ নিচিনা লোকৰ দালালি বিটিচিত চলিবলৈ দিয়া নহ’ব বুলিও সকীয়াই দিয়ে। সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমৰম, সাধাৰণ  সম্পাদক মাধৱ ৰাজবংশী আৰু মুখপাত্ৰ পংকজ দাস উপস্থিত থাকে।