Page Nav

HIDE

ৰে’ল ৰাজ্য মন্ত্রী সুৰেশ আংগাড়িৰ কৰ’নাত মৃত্যু

নতুন দিল্লী ,  ২৩   ছেপ্টেম্বৰ ঃ কেন্দ্রীয় ৰে ’ ল ৰাজ্যমন্ত্রী সুৰেশ আংগাড়িৰ আজি মৃত্যু হয়৷ এই মাহৰ আগভাগত কৰ ’ না ভাইৰাছত ...

নতুন দিল্লী২৩ ছেপ্টেম্বৰ কেন্দ্রীয় ৰে ৰাজ্যমন্ত্রী সুৰেশ আংগাড়িৰ আজি মৃত্যু হয়৷ এই মাহৰ আগভাগত কৰনা ভাইৰাছত আক্রান্ত হোৱাৰ পাছত তেওঁক এইমছত ভর্তি কৰোৱা হৈছিল৷ ১১৩ ছেপ্টেম্বৰত তেওঁক কভিড-১৯ পজিটিভ পোৱা গৈছিল৷ কর্ণাটকৰ বেলাগাভিৰ সাংসদজনে তেওঁৰ সংস্পর্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছিল৷ আংগাড়িৰ মৃত্যুত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু দল নির্বিশেষে ভালেমান ৰাজনীতিক নেতাই শোক প্রকাশ কৰে৷ প্রধানমন্ত্রী মোদীয়ে মন্ত্রীজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ এটা টুইটাৰত মোদীয়ে কয়, ‘শ্রীসুৰেশ আংগাড়ি এজন ব্যতিক্রমী কার্যকর্ আছিল৷ কর্ণাটকত দলটোক শক্তিশালী কৰিবলৈ তেওঁ কঠোৰ পৰিশ্রম কৰিছিল৷ তেওঁ এজন উৎসর্গীকৃত সাংসদ আৰু সক্রিয় মন্ত্রী আছিল৷ সকলোৱে তেওঁক শ্রদ্ধা কৰিছিল৷ তেওঁৰ মৃত্যু দুখজনক৷ শোকৰ এই সময়ত মই তেওঁৰ পৰিয়াল আৰু বন্ধু বর্গলৈ মোৰ সমবেদনা জনাইছোঁ৷ ওম শান্তি৷ৰে মন্ত্রী পিয়ুুষ গোৱেলে তেওঁৰ কেবিনেট সতীর্থজনৰ মৃত্যুক গভীৰ শোক প্রকাশ কৰে আৰু আংগাড়িক তেওঁৰ ভাতৃ বুলি অভিহিত কৰে৷