Page Nav

HIDE

আই পি এলৰ ছুপাৰ অভাৰত মুম্বাইৰ বিৰুদ্ধে বেংগালুৰুৰ জয়

ডুবাই,২৮ ছেপ্টেম্বঃ ইউএইত দৰ্শক অবিহনে অনুষ্ঠিত হৈ থকা আইপিএলৰ ১৩ সংখ্যক সংস্কৰণৰ দশমখন মেচ উত্তেজনাপূৰ্ণ হয়। দুয়োটা দলে মেচখনত সুন্দৰ প্ৰদৰ...

ডুবাই,২৮ ছেপ্টেম্বঃ ইউএইত দৰ্শক অবিহনে অনুষ্ঠিত হৈ থকা আইপিএলৰ ১৩ সংখ্যক সংস্কৰণৰ দশমখন মেচ উত্তেজনাপূৰ্ণ হয়। দুয়োটা দলে মেচখনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে যদিও চুপাৰ অভাৰত ৰয়েল চেলেঞ্জৰ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়াছৰ বিৰুদ্ধে জয়  লাভ কৰে। ডুবাইত অনুষ্ঠিত  সোমবাৰৰ মেচখনত দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ড্ৰ' হয় মেচখন। যাৰ বাবে দুয়োটা দলৰ মাজত ছুপাৰ অভাৰৰ মেচ আয়োজন হয়। সেই চুপাৰ অভাৰত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেটিং কৰি এক অভাৰত এটা উইকেট হেৰুৱাই ৭ ৰান সংগ্ৰহ কৰে। ছুপাৰ অভাৰত মুম্বাইৰ হৈ কিৰণ পোলাৰ্ডে ৪ বলত ৫ৰান সংগ্ৰহ কৰি নৱদ্বীপ চাইনিৰ বলত আউত হয়। হাৰ্ডিক পাণ্ডিয়া আৰু ৰোহিত শৰ্মা অপৰাজিতৰূপে থাকে। ৮ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ অহা বেংগালুৰুৱে সেই লক্ষ্য সংগ্ৰহ কৰে আৰু মেচখনত জয় লাভ কৰে। বেংগালুৰুৱে চুপাৰ অভাৰত ১১ৰান সংগ্ৰহ কৰে। 

এবি ডিভিলাৰ্চ আৰু বিৰাট কোহলীৰ যুটীয়ে ১১ ৰান সংগ্ৰহ কৰে আৰু ছুপাৰ অভাৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে জয় লাভ কৰে। ছুপাৰ অভাৰত যশপ্ৰিত বুমৰাহৰ বলত ডিভিলাৰ্চে ৪ বলত ৬ ৰান আৰু কোহলীয়ে ২ বলত ৫ ৰান সংগ্ৰহ কৰে। উল্লেখ যে মুম্বাই ইণ্ডিয়ানছে টছত জিকি সোমবাৰৰ মেচখনত বেংগালুৰুৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি বেংগালুৰুৱে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত মুম্বাইৰ বিৰুদ্ধে ৩ টা উইকেট হেৰুৱাই ২০১ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ডিভিলাৰ্চে সৰ্বাধিক ৫৫ ৰান সংগ্ৰহ কৰে। আন মেচ কেইখনৰ দৰে সোমবাৰৰ মেছখনটো দলটোৰ অধিনায়ক কোহলীয়ে নিৰাশজনক বেটিং প্ৰদৰ্শন দাঙি ধৰে।

 কোহলীয়ে মুম্বাইৰ বিৰুদ্ধে কেৱল ১১ বলত ৩ ৰানহে সংগ্ৰহ কৰে। আনহাতে মুম্বাইয়ে মেচখনত বেংগালুৰুৱে জয়ৰ বাবে বান্ধি দিয়াৰ ৰানৰ লক্ষ্য আগত লৈ ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ইষান কিষানৰ ৯৯ৰান,  হাৰ্দিক পাণ্ডিয়াৰ ১৫ আৰু কিৰেন পলাৰ্ডৰ ৬০ৰানৰ সহায়ত ২০১ৰানেই সংগ্ৰহ কৰে। যাৰ বাবে দুই দলৰ মাজত মেচখন ড্ৰ' হয়। মুম্বাইৰ হৈ মেচখনত সৰ্বাধিক ঈশান কিষানে ৯ ছিক্সাৰ আৰু দুটা ৪ৰ সহায় ৫৮টা বলত ৯৯ ৰান সংগ্ৰহ কৰে। মেচখনত প্লেয়াৰ অব দা মেচৰ সন্মান লাভ কৰে ডিভিলাৰ্চে।