Page Nav

HIDE

জনজাতীকৰণৰ দাবীত ,যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩০ ছেপ্টেম্বৰ :   অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি কৰণৰ মৰ্যদা প্ৰদান আৰু চুতীয়া জনগোষ্ঠীক "প...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৩০ ছেপ্টেম্বৰ :   অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি কৰণৰ মৰ্যদা প্ৰদান আৰু চুতীয়া জনগোষ্ঠীক "পূৰ্ণ স্বায়ত্ব শাসিত পৰিষদ" প্ৰদানৰ দাবীত আজি যোৰহাটত সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এই বৃহৎ প্ৰতিবাদী কায্যসূচী ৰূপায়ন কৰে ।এই প্ৰতিবাদী কায্যসূচীত প্ৰায় পাঁচশৰো অধিক লোকে অংশগ্ৰহণ কৰে । উল্লেখ্য যে  চুতীয়া জনগোষ্ঠী লোক সকল দেশে স্বাধীনতা লাভ কৰা সাত দশক অতিক্ৰম কৰাৰ পাছতো এখন চৰকাৰেও  জনগোষ্ঠীতোৰ দীর্ঘদিনীয়া সমস্যা সমূহ সমাধান কৰাত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে  বুলি চুতীয়া ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকলে অভিযোগ কৰে ।