Page Nav

HIDE

কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ড বিক্ৰীৰ অভিযান, শ্ৰমিকৰ স্বাৰ্থ বিৰোধী শ্ৰম সংস্কাৰ, আৰু কৃষক বিৰোধী কৃষি সম্পৰ্কীয় আইনৰ বিৰুদ্ধে উত্তাল ৰাজ্য

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ ২৩ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশৰ লগতে অসমতো ট্ৰড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে সন্মিলিতভাৱে প্ৰতিবাদী কাৰ্যসূচী...

Gana Adhikar


গুৱাহাটী, ২৩ ছেপ্টেম্বৰ ঃ ২৩ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ দেশৰ লগতে অসমতো ট্ৰড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহে সন্মিলিতভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজহুৱা খণ্ড ৰক্ষা, শ্ৰমিকৰ স্বাৰ্থবিৰোধী শ্ৰম সংস্কাৰ বাতিল, কৃষকবিৰোধী কৃষি সম্পৰ্কীয় আইন প্ৰত্যাহাৰ, লকডাউনে কৰ্মহীন কৰা শ্ৰমিকক মাহিলি ৭,৫০০ টকাকৈ সাহায্য প্ৰদান ইত্যাদি দাবীত সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ঠাইত যেনে– শিলচৰ, কৰিমগঞ্জ, তিনিচুকীয়া, ডিব্ৰুগড়, নামৰূপ, যোৰহাট, গোলাঘাট, ৰঙাপৰা, লখিমপুৰ, ধেমাজিৰ উপৰি দক্ষিণ কামৰূপৰ বিজয়নগৰ, বকোত, কামৰূপ জিলাৰ হাজো, আমিনগাঁও, ৰঙিয়া, গোৰেশ্বৰত, নলবাৰী জিলাৰ নলবাৰী, টিহু, মুকালমুৱাত, বৰপেটা জিলাৰ পাঠশালা, সৰ্থেবাৰী, কলগাছিয়া, কয়াকুছি, হাউলীত, বঙাইগাঁও জিলাৰ মায়াপুৰীত, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা জিলাৰ গোৱালপাৰা, দুধনৈ, মৰনৈত, দৰং জিলাৰ মঙ্গলদৈ ইত্যাদি ঠাইত শ্ৰমিক-কৰ্মচাৰীসকলে সভা-সমাৱেশ, সমদলেৰে ‘প্ৰৱঞ্চক বিজেপি চৰকাৰ হায় হায়’, ‘কৃষকবিৰোধী কৃষি আইন বাতিল কৰক’, ‘শ্ৰমিকবিৰোধী শ্ৰম সংস্কাৰ বন্ধ কৰক’, ‘অত্যাৱশ্যকীয় সামগ্ৰী নিয়ন্ত্ৰণহীন কৰা আইন প্ৰত্যাহাৰ কৰক’, ‘ৰাজহুৱা সম্পদ বিক্ৰী অভিযান বন্ধ কৰক’, সংবিধানৰ মৰ্যাদা ৰক্ষা কৰক’ ইত্যাদি শে¡াগান দি পৰিৱেশ উত্তাল কৰি তোলে। গুৱাহাটীত আই এন টি ইউ চি, এ আই টি ইউ চি, চি আই টি ইউ, এইচ এম এছ, এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি আৰু বেংক বীমা আৰু ডাক বিভাগৰ শ্ৰমিক-কৰ্মচাৰীয়ে গুৱাহাটী ক্লাবৰ ওচৰৰ ৰ’টাৰীত সমৱেত হৈ প্ৰতিবাদী সমদল কৰিবলৈ লওঁতেই জিলাৰ সহকাৰী উপ-আৰক্ষী আয়ুক্ত শৰ্মিষ্ঠা বৰুৱা আৰু লতাশিল আৰক্ষী বিষয়া বিনয় কলিতাৰ নেতৃত্বত এক বিশাল নিৰাপত্তাৰক্ষী বাহিনীয়ে বাধা প্ৰদান কৰে। শ্ৰমিক-কৰ্মচাৰীসকলে সমদল উলিওৱাত বাধা পাই সেই ঠাইতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই আঁত ধৰা সভাখনত জে চি টি ইউৰ আহবায়ক ভৱেন কলিতা, এ আই চি চি টি ইউৰ সম্পাদক বীৰেন কলিতা, এ আই টি ইউ চিৰ সভাপতি মুনিন মহন্ত, এইচ এম এছৰ সহঃ সম্পাদক কনক বৰ্মন, এ আই ইউ টি ইউ চিৰ সম্পাদক প্ৰমোদ ভাগৱতীয়ে বক্তব্য ৰাখি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম তীব্ৰতৰ কৰাৰ বাবে সৰ্বস্তৰৰ দল-সংগঠনক আহবান জনায়। প্ৰতিবাদী সভাত বক্তাসকলে জনায় যে বিজেপি চৰকাৰখনে দেশৰ সম্পদ ব্যক্তিগত পুঁজিপতিৰ হাতত অৰ্পণ কৰি আছে। ভাৰতীয় ৰে’ল, ভাৰতীয় বিমান প্ৰাধিকৰণ, ভাৰতীয় জীৱন বীমা নিগম, ভাৰতীয় বেংক, ভাৰত পেট্ৰ’লিয়ামৰ দৰে লাভজনক শিল্প প্ৰতিষ্ঠান পানীৰ দৰত মোদী চৰকাৰে বিক্ৰী কৰি আছে কৰ্পোৰেটৰ ওচৰত। দেশৰ আয় তথা উৎপাদন ব্যৱস্থাৰ দুই শক্তি শ্ৰমিক আৰু কৃষকৰ বিৰুদ্ধে চৰকাৰখনে যেন যুদ্ধহে ঘোষণা কৰিছে। চৰকাৰখনে সংবিধানপ্ৰদত্ত অধিকাৰসমূহৰ পৰা ৰাইজক বঞ্চিত কৰিবলৈ লৈছে। অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন কৰি খোৱাতেল, আলু-পিঁয়াজ আদি সামগ্ৰী আইনৰ নিয়ন্ত্ৰণৰ বাহিৰত ৰাখিব আৰু ইবোৰৰ মজুতকৰণৰ ঊধৰ্বসীমা প্ৰত্যাহাৰ কৰিব। অৰ্থাৎ বস্তুৰ দাম বৃদ্ধি অবাধে চলি থাকিব। আনহাতে শ্ৰমিক-কৰ্মচাৰীৰ নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থাক বৈধতা প্ৰদান কৰিব, যাৰ ফলত স্থায়ী নিয়োগ বুলি কোনো ব্যৱস্থা নাথাকিব। ই এছ আই, পি এফ, গ্ৰেচুইটী, পেঞ্চন ইত্যাদি শ্ৰমিক-কৰ্মচাৰীৰ সামাজিক সুৰক্ষামূলক ব্যৱস্থাবোৰ সংস্কাৰৰ নামত উপকাৰহীন কৰি তুলিব। একেদৰে নিৰ্মাণ শ্ৰমিকৰ কল্যাণ আইন অন্যান্য আইনৰ সৈতে সংযুক্ত কৰি নিৰ্মাণ শ্ৰমিকৰ কল্যাণ আঁচনিবোৰ গুৰুত্বহীন কৰি তুলিব। কৃষকৰ কৃষিভূমি বা ফচলৰ সৈতে কৃষিপথাৰত চুক্তি কৰি কৃষি পদ্ধতিটোকেই ধনী আৰু কৰ্পোৰেট গোষ্ঠীৰ আধিপত্য প্ৰয়োগ কৰাব বিচাৰিছে মোদী চৰকাৰে। অহা দিনত চৰকাৰৰ অন্যায়-অনীতিৰ বিৰুদ্ধে ধাৰাবাহিক ধৰ্মঘটৰ বাবে প্ৰস্তুত হ’বলৈ আহবান জনায় চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই।