Page Nav

HIDE

নিগেটিভ বিমান যাত্ৰীয়ে এতিয়াৰে পৰা থাকিব নালাগিব কোৱাৰেণ্টাইনতঃ ২২০০ টকা দি তৎকালীনভাৱে কৰিব পাৰিব পৰীক্ষা

  ৰিপ ৰ্টাৰ , গুৱাহাটী , ২৫ ছেপ্টে ম্বৰ   :    বিমানযাত্ৰীৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । এতিয়াৰে পৰ...


 ৰিপৰ্টাৰ, গুৱাহাটী, ২৫ ছেপ্টেম্বৰ :  বিমানযাত্ৰীৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰে পৰা বিমানবন্দৰত যাত্ৰীগৰাকীয়ে কোনোধৰণৰ প্ৰ-পত্ৰ পূৰণ কৰিব নালাগিব যাত্ৰীসকলৰ সুবিধাৰ্থে visitassam.org এপ মুকলি কৰিছে উক্ত এপত গৈ যাত্ৰীগৰাকীয়ে সকলোধৰণৰ প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব আজি জনতা ভৱনত আয়োজিত এক সংবাদমেলত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে বিমানযাত্ৰীসকল অহাৰ পিছত বিমানবন্দৰত কেবাখনো প্ৰ-পত্ৰ পূৰণ কৰিব লাগে যাৰ বাবে সামাজিক দূৰত্বৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে জনসমাগম বৃদ্ধি পাইছে এই পৰিৱেশ নাইকিয়া কৰাৰ বাবেই এই এপ মুকলি কৰা হৈছে উক্ত এপত গৈ বিমানযাত্ৰীগৰাকীয়ে প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত বিমানবন্দৰত আৰু কোনো ধৰণৰ প্ৰ-পত্ৰ পূৰণ কৰিব নালাগে আনহাতে যাত্ৰীগৰাকীয়ে এপৰ জৰিয়তে প্ৰ-পত্ৰ ডাউনলোড কৰি বিমানবন্দৰত জমা দিয়াৰো সুবিধা লাভ কৰিব ইপিনে বিমানযাত্ৰীসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে নিগেটিভ যাত্ৰীসকলে এতিয়াৰে পৰা কোৱাৰেণ্টাইনত থাকিব নালাগে যদি নমুনা পজিটিভ ওলায় তেন্তে পোনে পোনে তেওঁক হাস্পতাললৈ নিয়া যাত্ৰীগৰাকীক এণ্টিজেন আৰু আৰটিপিচিআৰ টেষ্ট কৰা নিগেটিভ যাত্ৰীসকলক ঘৰলৈ প্ৰেৰণ কৰা আনহাতে যিসকল যাত্ৰীয়ে তৎকালীনভাৱে, অৰ্থাৎ ২৪ ঘণ্টাৰ ভিতৰত নমুনা পৰীক্ষাৰ ফলাফল বিচাৰে সেইসকলে ,২০০ টকা ব্যয় কৰিব লাগিব ২৪ ঘণ্টাৰ ভিতৰতেই এণ্টিজেন আৰু আৰটিপিচিআৰৰ ফলাফল লাভ কৰিব অৰ্থাৎ ফলাফল লাভ কৰা নিগেটিভ যাত্ৰীগৰাকীয়ে নিগেটিভ হোৱাৰ প্ৰমাণ হোৱাৰ পিছতেই তেওঁৰ কোৱাৰেণ্টাইন শেষ যিসকলে ,২০০ টকা আদায় নিদিব তেওঁলোকে ফলাফল নহালৈকে কোৱাৰেণ্টাইনত থাকিব লাগিব ইপিনে মন্ত্ৰীগৰাকীয়ে আৰু কয় যে এতিয়াৰে পৰা ভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলে ৰে বা বিমানযাত্ৰাৰ সময়ত পুনৰ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই যাত্ৰাৰ সময়ৰ পূৰ্বে পজিটিভ অথবা ডিছচাৰ্জ পত্ৰখন দেখুৱালে হৈ যাব মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমান অসমত ২৯,৮৩০ কোৰোনা ৰোগী চিকিৎসাধীন হৈ আছে এতিয়ালৈকে ৬০৮জনে মৃত্যুক আঁকোৱালি লৈছে অসমত সুস্থ হোৱা লোকৰ হাৰ ৮১.৬ণ এতিয়ালৈকে ৩০ লাখ নমুনা পৰীক্ষা কৰা হৈছে পূৰ্বে ৩০ দিনত ৰোগীৰ সংখ্যা দুগুণ হৈছিল এতিয়া দুগুণ বলৈ ৩৬ দিন লাগিছে এতিয়ালৈকে ,৮৬৬ ৰোগীক প্লাজ্মা প্ৰদান কৰা হৈছে চিকিৎসালয়ৰ বিছনাক লৈ কোনোধৰণৰ অসুবিধা নাই ৰাজ্যৰ ৩০ হাজাৰ আশা কৰ্মীক লৈ জনজাগৰণ সপ্তাহ কাৰ্যসূচী আৰম্ভ কৰিছে আশা কৰ্মীসকলে প্ৰতিজন লোকৰ ঘৰে ঘৰে গৈ মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব সন্দৰ্ভত লিফলেট বিতৰণ কৰি সজাগতা আনিব অহা ২৮, ২৯ আৰু ৩০ ছেপ্টেম্বৰত দৈনিক লাখকৈ নমুনা পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে