Page Nav

HIDE

যোৰহাটৰ বিশিষ্ট চিকিৎসক, গীতিকাৰ ডাঃ নৱাব মহম্মদ ৰফিকৰ ইহলীলা বৰণ : যোৰহাটত শোক বন্যা

বিভিন্ন দল - সংগঠনৰ শ্ৰদ্ধাঞ্জলি         ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৮ ছেপ্টেম্বৰ  :  সংগীতৰ সুৰৰ সৈতে চিকিৎসা সেৱা আগবঢ়োৱা  যোৰহাটৰ বিশিষ্ট চি...

বিভিন্ন দল - সংগঠনৰ শ্ৰদ্ধাঞ্জলি        



ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,২৮ ছেপ্টেম্বৰ  :  সংগীতৰ সুৰৰ সৈতে চিকিৎসা সেৱা আগবঢ়োৱা  যোৰহাটৰ বিশিষ্ট চিকিৎসক , গীতিকাৰ ,সুৰকাৰ, সমাজ সেৱক তথা শিল্পীমনৰ লোক, সকলোকে আপোন ভবা ডাঃ মহম্মদ ৰফিকৰ দেওবাৰে নিশা ১১:৫০ মান বজাত নিজ বাসগৃহতে ইহলীলাবৰণ হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স প্ৰায় ৮৬ বছৰ । বিশিষ্ট চিকিৎসক জনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে লিচুবাৰীস্থিত তেখেতৰ বাসগৃহত অগণন লোকে খবৰ লোৱাৰ লগতে বিভিন্ন দল সংগঠনে  তেখেতৰ নশ্বৰ দেহত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা গৈছিল । উল্লেখ্য যে ২০১৬ চনত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ স্ত্ৰক হৈ স্বাস্থ্য অৱনতি হৈ ৰোগীয়া হৈ আছিল । বাধ্যকজনিত কাৰণতে তেখেতৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে উল্লেখ কৰিছে ।   উল্লেখ্য যে চিকিৎসা সেৱাত থকাৰ  তেওঁৰ ওচৰলৈ কোনো ৰোগী আহিলে বিনা পইচাৰে ৰোগীক চিকিৎসা কৰি নিজৰ গাড়ীৰে ৰোগীক ঘৰত থৈ অহাৰ বহু নজিৰ আছে । শিল্পী মনৰ চিকিৎসকজনে মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, এগৰাকী কন্যা ,নাতি আৰু ভাতৃ সহ বহু পৰিয়াল ইহসংহাৰত এৰি থৈ গৈছে । তেখেৰ  জানাজা আজি সন্ধিয়া ৭ বজাত যোৰহাট কবৰস্থানত সম্পন্ন কৰা হয় । তেখেতৰ মৃত্যুত যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , বিজেপিৰ যোৰহাট জিলাৰ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , যুৱ-ছাত্ৰ পৰিষদ ,আছু, উজনি অসম মুছলিম কল্যান পৰিষদ , সন্মিলিত নাগৰিক মঞ্চৰ যোৰহাট জিলাৰ উপদেষ্টা ভৱ চেতিয়া , ড0 আদিল উল ইয়াচিন , ড0 দেৱব্ৰত শৰ্মা , মঞ্চৰ সভাপতি গোপাল গোস্বামী , কা: সভাপতি হেমেন বৰা,  গণতান্ত্ৰিক ফৰামৰ সম্পাদক দীপক ৰফিক আহমেদ , যোৰহাটৰ চেণ্ট্ৰেল ক্লাৱ, কবৰস্থান পৰিচালনা সমিতি, ইদগাহ সমিতি , পুৰণা বালিবাত মছজিদ সমিতি, ন - মছজিদ পৰিচালনা সমিতি , অসম চলচিত্ৰ সমাজ, অসম সাহিত্য সভা আদিকে বহু কেইটা দল সংগঠন তথা অনুষ্ঠান - প্ৰতিষ্ঠানে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা বুলি প্ৰেছ বার্তা যোগে জনায় । লগতে  যোৰহাটৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা এগৰাকী সুব্যক্তিত্ব সম্পন্ন ব্যক্তিক আজি যোৰহাটে হেৰুৱালে বুলি উল্লেখ কৰে । উল্লেখযোগ্য যে ১৯৩৩ চনৰ ৩০ অক্টোবৰত যোৰহাট চিনামৰা চাহ বাগিচাৰ জন্ম গ্ৰহণ কৰা মহম্মদ ৰফিকৰ পিতৃ আছিল তিতাবৰৰ নৱাব পৰিয়ালৰ স্বৰ্গীয় আলহাজ নৱাব দানিছ মহম্মদ  আৰু মাতৃৰ নাম আলহাজাইন হুছনেআৰা বেগম । মহম্মদ ৰফিকে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা চিনামৰা চাহ বাগিচাৰ স্কুলত শিক্ষাগ্ৰহন লোৱাৰ পাছত ১৯৫১ চনত যোৰহাট চৰকাৰী বালক বহুমুখী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা আৰু জে ,বি মহাবিদ্যালয় , ডিব্ৰুগড়ৰৰ কানৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত প্ৰাক স্নাতক লোৱাৰ পাছতে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসকৰ ডিগ্ৰী লাভ কৰে । কিছু দিন ব্যক্তিগত ভাৱে চিকিৎসা সেৱাত ব্যস্ত থকাৰ  পাছতে ১৯৭০  চনত অসম কৃষি বিশ্ববিদ্যালয়ত চাকৰিত যোগদান কৰে আৰু ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰে । কৰ্ম জীৱনত তেওঁ নিঃস্বাৰ্থ ভাৱে নিজৰ দায়িত্ব পালন কৰি গৈছিল আৰু তেওঁ সমাজিক ,ধাৰ্মিক ,বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠানৰ সৈতে সম্পৰ্ক ৰাখি চলিছিল । চিকিৎসা সেৱাত জড়িত থকাৰ উপৰিও অসম আৰু ভাৰতীয় চিকিৎসা সন্থাৰ সভাপতি হিচাপে কাৰ্যনিবাহ কৰি আছিল । আনহাতে সংগীতৰ চৰ্চাত স্কুলীয়া জীৱনৰ পৰাই সাধনা  আছিল । সেই সময়ৰ প্ৰতিষ্ঠিত গীতিকাৰ নগেন বৰা,অমৃত চৰকাৰ, নলিনী চৌধৰী,  টফজ্যুল আলি,নিৰ্মলপ্ৰভা বৰদলৈ আদিকে ধৰি ভালে কেইগৰাকীমান শিল্পীৰ সৈতে সুৰাৰোপ কৰি আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰিবলৈ সক্ষম হৈছিল । তেওঁ ১৯৫০ চনত "ঊষাৰ মলয়া বয় ধীৰে ধীৰে " এই   গীতটি প্ৰথম  সুৰ কৰিছিল আৰু "মোৰ নয়নৰ সপোনৰাণী হৈ/ সপোনত গৈ/ নাচিবা ঐ "এই গীতো তেওঁ সুৰ কৰিছিল । তেখেতৰ স্ব-,ৰচিত সুৰাৰোপীত প্ৰথমটো গীত হৈছে "মধুমালতী তোমাৰ আকাশত তৰা এটি হৈ আকৌ হাঁহিম দূৰে দূৰে তোমাৰ গানৰ সুৰে সুৰে "। তেখেতে বহু গীত ৰচনা কৰি সুৰ কৰিছিল । আৰু বিভিন্ন অনুষ্ঠানত তেওঁ গীত পৰিৱেশনো কৰি আহিছিল । তেখেতৰ মৃত্যুত যোৰহাটৰ সাংস্কৃতিক মহলটো শোকৰ বন্যা বয় ।