গুৱাহাটীঃ অৱসৰপ্ৰাপ্ত এ পি এছ বিষয়া তথা প্ৰাক্তন আৰক্ষী অধীক্ষক তথা বিশিষ্ট লেখক আব্দুল কুদ্দুছৰ উপন্যাস ‘‘আত্মাৰ আৰ্তনাদ’ৰ আজি গুৱাহাটী প্...
গুৱাহাটীঃ অৱসৰপ্ৰাপ্ত এ পি এছ বিষয়া তথা প্ৰাক্তন আৰক্ষী অধীক্ষক তথা বিশিষ্ট লেখক আব্দুল কুদ্দুছৰ উপন্যাস ‘‘আত্মাৰ আৰ্তনাদ’ৰ আজি গুৱাহাটী প্ৰেছ ক্লাবত শুভ উন্মোচন কৰা হ’ব৷ পুৱা ১১ বজাত উক্ত উপন্যাসখন উন্মোচন কিৰব বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুেছেইনে৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু৷ উক্ত উন্মেচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰিব আলফা (আলোচনাপন্থী)ৰ সম্পাদক অনুপ চেতিয়া আৰু সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰিব নৰ্থ ইষ্ট বাৰ কাউন্সিল অধ্যক্ষ হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ লগতে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক খগেন কলিতা৷
No comments