Page Nav

HIDE

চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিকে ধৰি কেইবাটাও দাবীৰে মৰাণত চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

গণ বাৰ্তা, মৰাণ, ২৯ ছেপ্টেম্বৰঃ বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈছে অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ । মজদুৰ...


গণ বাৰ্তা, মৰাণ, ২৯ ছেপ্টেম্বৰঃ বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈছে অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ । মজদুৰ সংঘই উজনিৰ বিভিন্ন বাগিচাৰ লগতে মৰাণৰ কেইবাখনো বাগিচাত গঢ়ি তুলিছে আন্দোলন । আজি মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ মৰাণ শাখাৰ উদ্যোগত আৰু হালমাৰী চাহ শ্ৰমিক গোটৰ সহযোগত কেইবাটাও সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদী সমদলেৰে এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । অসম চাহ মজদুৰ সংঘৰ আহ্বান ক্ৰমে বিজেপি চৰকাৰে গ্ৰহণ কৰা শ্ৰমিক বিৰোধী নীতিক বিৰোধিতা কৰাৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ জনজাতি আৰু আদিবাসী সকলক জনজাতিকৰণ কৰা, ভূমি পট্টা দিয়া আদি দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । হালমাৰী চাহ বাগিচাৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰলৈকে উলিওৱা এই সমদলত  চাহ মজদুৰ সংঘৰ কৰ্ম কৰ্তাসকলৰ লগতে শ্ৰমিক সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়াৰ লগতে দাবী সমূহ শীঘ্ৰে মানি নললে আগন্তুক দিনত আৰু অধিক আন্দোন গঢ়ি তোলা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । আনহাতে একেই দাবীৰে চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে দুলিয়াবাম চাহ বাগিচাতো চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ দুলিয়াবাম উপ শাখা সমিতিয়েও মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । চাহ মজদুৰ সংঘৰ কৰ্ম কৰ্তাসকলৰ লগতে বাগিচাখনৰ বহু সংখ্যক চাহ শ্ৰমিক লোকে এই মানৱ শৃংখল কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে । প্ৰণৱ ডেকাবৰুৱা, মৰাণ  )