Page Nav

HIDE

এছ আই কেলেংগকাৰীৰ অভিকেন্দ্ৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়-কেশৱধাম-দিছপুৰ

  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তদন্তৰ আওতালৈ অনাৰ দাবী কৃষক সংগঠনৰ গুৱাহাটী : ৰাজ্য কঁপোৱা আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী চিবিআইৰ...

 


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো তদন্তৰ আওতালৈ অনাৰ দাবী কৃষক সংগঠনৰ

গুৱাহাটী : ৰাজ্য কঁপোৱা আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰী চিবিআইৰ দ্বাৰা তদন্তৰ দাবী তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।  সংগঠনটোৱে আজি সংবাদ মেলৰ জৰিয়তে দাবী কৰে যে কেৱল চিবিআই তদন্ত অথবা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ দ্বাৰা তদন্ত কৰিলেহে এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সামগ্ৰিক তদন্ত সম্ভৱপৰ হ’ব বুলি কয়। লগতে অভিযোগ কৰি কয় যে এছ আই নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ  অভিকেন্দ্ৰ হেঙেৰাবাৰীস্থ বিজেপিৰ ৰাজিক কাৰ্যালয়,  পল্টন বজাৰৰ কেশৱধাম আৰু দিছুপৰ। আজিৰ সংবাদ মেলত সংগঠনটোৰ নেতা ভাস্কো ডি শইকীয়াই  অভিযোগ কৰি কয় যে এছ আই কেলেংকাৰীত বিজেপি, আৰ এছ এছ আৰু অসমৰ গৃহ বিভাগ জড়িত আছে। সেইবাবে এই কেলেংকাৰীৰ তদন্ত চিবিআইৰ দ্বাৰা কৰিব লাগে। দল-চৰকাৰ আৰু আৰ এছ এছে মিলি নিজৰ মানুহক নিযুক্তি দিবৰ বাবে এই কেলেংকাৰী সংঘটিত কৰিছে বুলি অভিযোগ কৰি কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি কেলেংকাৰীত যি জড়িত, এ পি ডি চি এল নিযুক্তি কেলেংকাৰীত যি জড়িত, জলসিঞ্চন নিযুক্তি কেলেংকাৰীত যি জড়িত,  জনসংযোগ নিযুক্তিত যি জড়িত সেই একেখিনি মূল মানুহেই এই কেলেংকাৰীটোত জড়িত।

 বিজেপি দলৰ আৰু গেৰুৱা বাহিনীৰ অন্যান্য মানুহক নিযুক্তি দিবৰ বাবে এই কেলেংকাৰী সংঘটিত কৰা হৈছিল বুলি অভিযোগ কৰি কয় যে একেখিনি ব্যক্তিগত পৰীক্ষা পৰিচালনা কৰা প্ৰতিষ্ঠানৰ জৰিয়তে এই কেলেংকাৰী সংঘটিত কৰা হৈছে। চি বি আইৰ দ্বাৰা ইয়াৰ তদন্ত নকৰিলে তদন্ত প্ৰক্ৰিয়া ভেঁকোভাওনাত পৰিণত হ’ব। যদি চিবিআইৰ দ্বাৰা তদন্ত নহয়, তেন্তে তদন্ত হ’ব লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰ্যৰত এজন জ্যেষ্ঠ ন্যায়াধীশৰ জৰিয়তে। লগতে এই বুলিও কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা, কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে চিবিআইৰ তদন্ত দাবী কৰাৰ কাৰণে আৰু সকলো নিযুক্তি কেলেংকাৰীৰ আঁৰত ৰাজ্য চৰকাৰখন জড়িত থকা বুলি দাবী কৰাৰ কাৰণে আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপদাৰ্থ বুলি কোৱাৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰতিশোধপৰায়ণ হৈ উঠিছে।

 জি এম চি এইচত চিকিৎসাধীন হৈ থকা অখিল গগৈৰ ওপৰত পুলিচৰ দ্বাৰা মানসিক হাৰাশাস্তি কৰা আৰম্ভ কৰা হৈছে। ব্যৰ্থ মুখ্যমন্ত্ৰী তথা অকৰ্মণ্য আৰু অদক্ষ সৰ্বানন্দ সোণোৱালৰ কথা অসমৰ মানুহক আৰু এতিয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেইবাবে অখিল গগৈয়ে তেওঁক সঠিকভাৱে অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি কৈছে। আজি সংবাদমেলত তেওঁ এইবুলি কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেৱল দুটা ক্ষেত্ৰতে সফল হৈছে, তাৰে প্ৰথমটো হ’ল অসমৰ সকলো জাতীয় স্বাৰ্থ দিল্লীৰ ওচৰত বন্ধকত দিয়া, অসমৰ সকলো জাতীয় প্ৰশ্নত তেওঁৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি দিল্লী আৰু নাগপুৰৰ ওচৰত আত্মসমৰ্পণেই তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা। দ্বিতীয়টো হৈছে আটাইতকৈ ডাঙৰ সমালোচক কৃষক নেতা অখিল গগৈক ‘কা’বিৰোধী আন্দোলনৰ অজুহাতত ক’লা আইনৰ অধীনত ভুৱা গোচৰ জাপি দি আৰু আদালতত ভুল তথ্যৰে বিপথে পৰিচালিত কৰি মাহৰ পিছত মাহ ধৰি কাৰাবন্দী কৰি ৰখাটো বুলি উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে।