Page Nav

HIDE

কৃষকক সন্ত্ৰাসবাদী আখ্যা দি বিপদত কংগনা, গোচৰ ৰুজু

নতুন দিল্লী ঃ স্বজন-তোষণ, বলীউডত মাদকদ্ৰব্য অথবা চৰকাৰী আইন-কানুন, আজি-কালি সকলো বিষয়তেই টুইটাৰত নিজৰ মতামত প্ৰকাশ কৰি আহিছে অভিনেত্ৰী কংগনা...

নতুন দিল্লী ঃ স্বজন-তোষণ, বলীউডত মাদকদ্ৰব্য অথবা চৰকাৰী আইন-কানুন, আজি-কালি সকলো বিষয়তেই টুইটাৰত নিজৰ মতামত প্ৰকাশ কৰি আহিছে অভিনেত্ৰী কংগনা ৰানাৱতে। নিজৰ বাক স্বাধীনতা অটুট ৰাখিবলৈ গৈ বিপদ মাতি আনিছে অভিনেত্ৰীগৰাকীয়ে। কেন্দ্ৰৰ কৃষকবিৰোধী বিধেয়কৰ বিৰুদ্ধে কৃষকসকলে ৰাজপথত নামি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সন্দৰ্ভত নিজৰ অভিমত ব্যক্ত কৰিবলৈ গৈ অভিনেত্ৰী কংগনাই কৃষকসকলক সন্ত্ৰাসবাদী আখ্যা দিছিল। কৰ্নাটকৰ টুমকুৰ জিলাৰ বিচাৰ বিভাগীয় মেজিষ্ট্ৰেট আদালতে বলীউড কুইনৰ বিৰুদ্ধে অপৰাধ আইনৰ ধাৰা ৪৪ (মৰ্যদাহানি), ১০৮ (অপৰাধমূলক কামত সহায় কৰা), ১৫৩ (সংঘৰ্ষত উচটনি দিয়া), ১৫৩এ ( ভিন্ন গোষ্ঠী তথা সম্প্ৰদায়ৰ মাজত শত্ৰুতা সৃষ্টিত ইন্ধন যোগোৱা) আৰু ৫০৪ (সামাজিক শান্তি-শৃংখলাত বিঘ্নিত ঘটাবলৈ কৰা মন্তব্য) গোচৰ ৰুজু কৰিছে। যোৱা সপ্তাহত  সংসদত মৌখিক ভোটত কৃষি বিধেয়ক গৃহীত কৰাৰ পিছত সেই বিধেয়কত নিম্নত্তম সহায়কমূল্য লৈ অস্পষ্ট থকা কৃষকসকলে আন্দোলনত নামিবলৈ বাধ্য হয়। কৃষকসকলক সান্তনা দিয়াৰ উদ্দেশ্যৰে টুইটাৰত প্ৰধানমন্ত্ৰী মোদীয়ে জনায়– নতুন বিধেয়ক আইনত পৰিণত হ’লেও নিম্নতম সহায়কমূল্য অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীৰ এই টুইটক ৰি-টুইট কৰি যোৱা ২০ ছেপ্টেম্বৰত আন্দোলনকাৰীসকলক আক্ৰমণ কৰে কংগনাই। টুইটাৰত কংগনাই লিখে–‘প্ৰধানমন্ত্ৰী জী, টোপনিত থকাজনক জগাব পাৰি। কোনোবাই বুজি নাপালে বুজাব পাৰি। কিন্তু টোপনি অথবা বুজিও নুবুজাৰ ভাও ধৰাসকলক বুজাব নোৱাৰি এওঁলোক সেই সন্ত্ৰাসবাদী, যিসকলেকাবলৱৎ লে নাগৰিকত্ব যোৱাৰ ভয় নাথাকিলেও তেজ বোৱাই দিয়ে