Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন, জিয়াউৰ ৰহমানৰ এজেপিত যোগদান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ ছেে›I×ম্বৰ ঃ প্ৰায় দুটা দশক ধৰি সাংবাদিকতাৰ অন্তত আজি আনুষ্ঠানিকভাৱে ৰাজনৈতিক জীৱন আৰম্ভ কৰে ‘দৈনিক গণ অধিকাৰ’...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ ছেে›I×ম্বৰ ঃ প্ৰায় দুটা দশক ধৰি সাংবাদিকতাৰ অন্তত আজি আনুষ্ঠানিকভাৱে ৰাজনৈতিক জীৱন আৰম্ভ কৰে ‘দৈনিক গণ অধিকাৰ’ কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক, স্তম্ভলেখক জিয়াউৰ ৰহমানে। অগপ-বিজেপি-কংগ্ৰেছ-এআইইউডিএফৰ ক্ষমতাকেন্দ্ৰিক আৰু আপোচকামী ৰাজনীতিৰ বিপৰীতে ৰাজ্যত সুস্থ আঞ্চলিকতাবাদী দল গঠনেৰে জাতীয় অস্তিত্ব অক্ষুণ্ণ ৰক্ষাৰ বাবে যি আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত দল গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই দলটোত আজি আনুষ্ঠানিকভাৱে জ্যেষ্ঠ সাংবাদিক জিয়াউৰ ৰহমান, অদীপ ফুকনকে আদি কৰি ২০জনতকৈও অধিক লোকে যোগদান কৰে। আজি আমবাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক জিয়াউৰ ৰহমান আৰু অদীপ ফুকনে আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদান কৰি উঠি জিয়াউৰ ৰহমানে সাংবাদিকক কয় যে ৰাজ্যত সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰিবলৈ ধৰ্মনিৰপেক্ষ প্ৰগতিশীল অসমীয়া জাতীয়তাবাদ শক্তিশালী কৰিব লাগিব। অসমীয়া সংখ্যালঘু মুছলমানসকলে মূল সুঁতিৰ অসমীয়া আৰু জাতীয়তাবাদৰ  লগত সমন্বয়েৰে মিলি থাকিলেহে বৃহত্তৰ অসমীয়া জাতি গঠন সম্ভৱ হ’ব আৰু সাম্প্ৰদায়িক বিভাজন শেষ হ’ব। উল্লেখ্য যে ‘দৈনিক গণ অধিকাৰ’ৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদকগৰাকীয়ে শেহতীয়াকৈ বিভিন্ন কাকতত স্তম্ভলেখাৰ উপৰি  টেলিভিছনৰ বিভিন্ন টক শ্ব’ত বক্তা হিচাপে জনপ্ৰিয়তা অৰ্জন কৰি আহিছে।


No comments