গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ মদাৰখাত ৰমাই কদ্দৈবামত দেওবাৰে মটক ছাত্র সন্থাই কেইবাজনো সাংবাদিক, প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষ...
গণ বাৰ্তা, ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰঃ ডিব্ৰুগড়ৰ মদাৰখাত ৰমাই কদ্দৈবামত দেওবাৰে মটক ছাত্র সন্থাই কেইবাজনো সাংবাদিক, প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজ সেৱকক মদাৰখাত আঞ্চলিক মটক ছাত্র সন্থাই ৰমাই কদ্দৈবাম ৰাজহুৱা পেক্ষাগৃহত সম্বৰ্ধনা যাচে। আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিৰাজ বৰুৱাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানত সভাখন আঁতধৰে ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা মহেশ বৰুৱাই। কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাতুল গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা পাছতে মদাৰখাত অঞ্চলৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে সাংবাদিক, সাংস্কৃতিক কৰ্মী, খেলুৱৈ, সমাজ সেৱককে ধৰি ২৫ জন ব্যক্তিক সম্বৰ্ধনা জনায়। অৰুণাচল বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডীন ড০ সৃষ্টিধৰ দত্ত, মদাৰখাত বালিকা বিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গোহাঁই, প্ৰাক্তন শিক্ষক তথা প্ৰবীণ খেলুৱৈ লুহিত দত্ত, কৃতীপ্ৰাপ্ত শিক্ষক শ্ৰীকুমাৰ শ্বাহু, মদাৰখাত অঞ্চলৰ সমাজ সেৱক দৌলত গগৈ, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামনি হাজৰিকা, সাধাৰণ সম্পাদক দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি হোমেন ফুকন, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া, ট্ৰাইবেল সংঘৰ ডিব্ৰুগড় জিলাৰ মুখ্য সম্পাদক ৰাজু সোনোৱাল, শৰীৰ চৰ্চা ৰুবুল বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী শৈলেন বুঢ়াগোহাঁই, দীপক গগৈৰ লগতে খবৰ ২৪ ঘন্টা উদ্যোগত আয়োজিত সদৌ অসম অনলাইন প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক একোখনকৈ ফুলাম গামোছা, স্মাৰক, নগদ ধনৰ লগতে মানপত্ৰ দিয়া হয়। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মটক ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা যুগল বৰুৱা, সাংবাদিক জ্যোতিষ কুমাৰ পাটিৰ আদি উপস্থিত থাকে।
No comments