Page Nav

HIDE

দল-সংগঠনৰে আলোচনা নকৰি বিটিআৰত আয়োগ গঠন কৰাটো দুৰ্ভাগ্যজনক

২৭ অক্টোবৰৰ ভিতৰত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী নেমছুৰ ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ ঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ...


২৭ অক্টোবৰৰ ভিতৰত বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী নেমছুৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ ঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে। বিভিন্ন দল-সংগঠনক অন্ধকাৰত ৰাখি এতিয়া চৰকাৰে বিটিআৰত আয়োগ গঠন কৰিছে। এনেদৰে দল-সংগঠনক অৱজ্ঞা কৰি আয়োগ গঠন কৰাটো সম্পূৰ্ণ দুৰ্ভাগ্যজনক। আজি দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ নেমছু। নেমছুৰ সভাপতি বদৰুল ইছলামে সংবাদমেলত উল্লেখ কৰে যে বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছতেই বিটিচিৰ অনাবড়ো ৰাইজে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ অনিশ্চয়তাত ভুগিবলগীয়া হৈছিল। বিভিন্ন দল-সংগঠনৰ অনুৰোধমৰ্মে তথা বিটিচিৰ অনাবড়ো লোকসকলৰ জীৱন আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বহু দল-সংগঠনৰ প্ৰতিনিধিক সচিবালয়লৈ মাতি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এক বৈঠকৰ আয়োজন কৰা হ’ব বুলি মন্ত্ৰী হিমন্তই ঘোষণা কৰিছিল। কিন্তু উক্ত ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে। কেন্দ্ৰীয় চৰকাৰ অথবা গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে কোনো আলোচনা নকৰাকৈ নিজৰ ইচ্ছামতে বিটিআৰ আয়োগ গঠন কৰি বিটিচিৰ পৰা বিটিআৰলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত ল’লে।

 বিটিআৰত দ্বিতীয় জনসংখ্যা থকা সংখ্যালঘু দল-সংগঠন অথবা নেতৃত্বক উক্ত আয়োগত অন্তৰ্ভুক্ত নকৰাটো ৰহস্যজনক আৰু দুৰ্ভাগ্যজনক। অবড়ো সংগঠনৰ প্ৰতিনিধি হিচাপে ওদালগুৰিৰ ডালিম বায়নক অন্তৰ্ভুক্ত কৰিছে যদিও তেওঁ কোনো অবড়ো সংগঠনক প্ৰতিনিধিত্ব নকৰে বুলিও বদৰুল ইছলামে অভিযোগ কৰে। ৰাজনৈতিকভাৱে এই আয়োগ গঠন কৰা হৈছে আৰু বিটিচিৰ অবড়োসকলৰ ভৱিষ্যৎ ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰা হৈছে। ইপিনে, তেওঁ লগতে আৰু কয় যে অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ ছমহীয়া শাসনৰ ম্যাদ উকলিব। যিহেতু ক’ড অৱ কণ্ডাক্ট চলি আছে সেইবাবে বিটিচিৰ চৰকাৰী কাম-কাজ স্তব্ধ হোৱা চাৰিখন জিলাৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। অহা ২৭ অক্টোবৰৰ পূৰ্বে বিটিচিৰ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে নেমছুৱে। 

ইপিনে, আন এক প্ৰসংগ উত্থাপন কৰি বদৰুল ইছলামে কয় যে বিহাৰত যদি নিৰ্বাচন পাতিব পাৰে তেন্তে অসমৰ চাৰিখন জিলাত কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে। কোৰোনা মহামাৰীৰ সম্পূৰ্ণ নীতি-নিৰ্দেশনা মানি ২৭ অক্টোবৰৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে। বিজেপিৰ পৰাজয়ৰ শংকাত এনেদৰে পৰিষদীয় নিৰ্বাচন পিছুৱাই আছে বুলিও তেওঁ অভিযোগ কৰে। কাইলৈ শীঘ্ৰেই পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত নিৰ্বাচন আয়োগক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।