Page Nav

HIDE

ৰাফেল যুঁজাৰু বিমান উৰুৱা প্ৰথম ভাৰতীয় মহিলা শিবাংগী সিং

  নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা ৰাফেল যুঁজাৰু বিমান উৰুৱাবলৈ সাজু এতিয়া ভাৰতীয় মহিলা পাইলট শিৱাংগী সিং। উত্তৰ প্ৰদেশৰ...

 

নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ ঃ ফ্ৰান্সৰ পৰা ভাৰতলৈ অহা ৰাফেল যুঁজাৰু বিমান উৰুৱাবলৈ সাজু এতিয়া ভাৰতীয় মহিলা পাইলট শিৱাংগী সিং। উত্তৰ প্ৰদেশৰ বাৰাণসীৰ বাসিন্দা শিৱাংগী সিঙে আকাশমাৰ্গত ৰাফেল যুঁজাৰু বিমান উৰুৱাই এক ইতিহাস সৃষ্টি কৰিছে। তেৱেঁই হৈছে ৰাফেল যুঁজাৰু বিমান উৰুওৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ৰাফেল যুঁজাৰু বিমান উৰুৱাবলৈ তেওঁক বায়ুসেনা বিভাগে পাইলট ৰূপে নিযুক্তি দিছে। তেওঁ ইতিমধ্যে মিগ-২১ যুঁজাৰু বিমান উৰুৱাইছে। বৰ্তমান তেওঁ ৰাজস্থানৰ এয়াৰ বেছত নিয়োজিত হৈ আছে আৰু মিগ-২১ যঁুজাৰু বিমান উৰুৱাই আছে। কিন্তু তেওঁক ৰাফেল যুঁজাৰু বিমান উৰুওৱাৰ বাবে অনুমতি দিয়া হৈছে। ইয়াৰ পিছতে তেওঁ আকাশমাৰ্গত উৰুৱাইছে ৰাফেল যুঁজাৰু বিমান। শিৱাংগী সিঙৰ এই সফলতাক লৈ উৎফুল্ল হৈ পৰিছে তেওঁৰ পৰিয়াল আৰু তেওঁক বহুজনে অভিনন্দনেৰে ওপচাই পেলাইছে। ২০১৫ত তেওঁক ভাৰতীয় বায়ুসেনা ফ্লায়িং অফিচাৰ ৰূপে নিযুক্তি দিয়া হৈছিল। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা অৰ্জন কৰা ফ্লাইট লেফটেনেণ্ট শিৱাংগী সিং হৈছে মহিলা পাইলটৰ দ্বিতীয় বেট্চৰ সদস্য। তেওঁ বায়ুসেনাৰ এয়াৰ মাৰ্শ্বেল অভিনন্দনৰ সৈতে মিগ-২১ ফ্লাইট উৰুৱাইছিল।