Page Nav

HIDE

প্ৰাক্তন সাংসদ বিৰেনছিং ইংতিৰ বাসভৱনত বয়- বস্তু লণ্ড ভণ্ড  দূৰ্বৃত্তৰ

গণ বার্তা, ডিফু, ২২ ছেপ্তেম্বৰ :  এইবাৰ প্ৰাক্তন সাংসদ বিৰেণছিং ইংতিৰ ঘৰত দূৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্ত...

গণ বার্তা, ডিফু, ২২ ছেপ্তেম্বৰ : এইবাৰ প্ৰাক্তন সাংসদ বিৰেণছিং ইংতিৰ ঘৰত দূৰ্বৃত্তৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ পৰা  প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৫ মান বজাত কোনো অজ্ঞাত দূৰ্বৃত্তই প্ৰাক্তন সাংসদ গৰাকীৰ ডিফুস্থিত বাসভৱনৰ চৌহদত অনাধিকাৰ প্ৰৱেশ কৰি চৌহদতে থকা কোৰ এটা হাতত লৈ প্ৰথমতে বাহিৰত ৰখাই থোৱা অৱস্থাত প্ৰাক্তন সাংসদ গৰাকীৰ ইন'ভা গাড়ীখনৰ সোঁফালৰ দৰ্জাৰ আয়না ভাঙি পেলায়৷ ইয়াৰ পিছত দূৰ্বৃত্তটোৱে বিৰেণছিং ইংতিৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ভিতৰত থকা ফাৰ্ণিছিৰ, মূৰ্তি আৰু অনান্য বয়বস্তু ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে৷ দূৰ্বৃত্তটোক প্ৰাক্তন সাংসদ গৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ কোনেও পূৰ্বতে দেখা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ৷হূলস্থুল শুণি প্ৰাক্তন সাংসদ গৰাকীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু বাসভৱনটোত থকা লোক সকল ওলাই আহি দূৰ্বৃত্তটোক কৰায়ত্ত কৰি ডিফু থানাত খবৰ দিয়ে  ৷খবৰ লাভ কৰি তৎক্ষণাৎ ডিফু থানাৰ অ'চি চিৰাজ ইংতিয়ে সংগীয় ষ্টাফ সহ ঘটনাস্থলীত উপস্থিত হৈ দূৰ্বৃত্তটোক আটক কৰি ডিফু থানালৈ  আনি জেৰা অব্যাহত ৰাখিছে বুলি জনাইছে৷ ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰাক্তন সাংসদ গৰাকী ঘৰতেই আছিল বুলি জানিব পৰা গৈছে৷ ইয়াৰোপৰি এই সন্দৰ্ভত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 447/448/আৰু 427 ত ডিফু থানাত 177/2020 নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে দূৰ্বৃত্তটোক ডকমকা থানা এলেকাৰ কাংনেট টকবী গাওঁ বাগপাণিৰ মৃত চন্দ্ৰ ইংতিৰ পুত্ৰ দেউৰী ইংতি (৩৫)বুলি চিনাক্ত কৰিছে ৷আনহাতে আৰক্ষীৰ প্ৰাথমিক তদন্তত দূৰবৃত্তটো মানসিক ভাবে বিকাৰগ্ৰস্থ বুলি জনাইছে৷