গণ বাৰ্তা, নাজিৰা, ২৩ ছেপ্টম্বৰ ঃ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী তথা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ।...
গণ বাৰ্তা, নাজিৰা, ২৩ ছেপ্টম্বৰ ঃ নাজিৰা মহকুমাৰ অন্তৰ্গত গেলেকী তথা অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডত পুনৰ অসমীয়াৰ ওপৰত আক্ৰমণ নগা দুৰ্বৃত্তৰ। অসমৰ যুৱকক নাগালেণ্ডত গুলীয়াই হত্যা। ধেমাজিৰ মঙ্গলতি গাঁৱৰ জিতেন গগৈ নামৰ যুৱকজনক ৰাজপথত দুৰ্বৃত্তই আগচি ধৰি গুলীওৱাৰ অভিযোগ সতীৰ্থৰ। জিতেন গগৈ গুৱাহাটীৰ গ’ল্ডেন কাৰ্গো কেৰিং নামৰ কোম্পানীটোত গাড়ীচালক হিচাপে আছিল। গুৱাহাটীৰ পৰা নাগালেণ্ডৰ এটা গুদামলৈ অত্যাৱশ্যকীয় সামগ্ৰী ট্ৰাকেৰে কঢ়িয়াই নিছিল । তাতে ৰাজপথত দুৰ্বৃত্তই আগচি ধৰি গুলীয়াই হত্যা কৰে জিতেন গগৈক । উল্লেখ্য যে আজি পুৱা জিতেন গগৈৰ নশ্বৰ দেহ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে পৰিয়াল আৰু ৰাইজ পিছত শোকস্তব্ধ হৈ পৰে। আনহাতে জাতীয় গণ সংগ্ৰাম পৰিষদ, অসম শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক ফাৰহান লস্কৰ, উপসভাপতি সপোন ৰায় আৰু সহঃ সাংগঠনিক সম্পাদক মিছকাটুৰ ৰহমানে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম চৰকাৰক এই কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে।
No comments