Page Nav

HIDE

আব্দুল কুদ্দুছৰ উপন্যাস ‘আত্মাৰ আৰ্তনাদ’ উন্মোচনঃ ৰাজনৈতিক নেতাৰ প্ৰতাৰিত মিঞা সম্প্ৰদায় ঃ হাইদৰ হুছেইন

 স্বাধীনতাৰ পিছৰে পৰাই পূৰ্ববংগীয় মুছলমানসকলক লৈ চলিছে ৰাজনীতিঃ অনুপ চেতিয়া হানিফ আলী আহমেদ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ :   ধৰ্মীয় সংখ্যালঘু অৰ...


 স্বাধীনতাৰ পিছৰে পৰাই পূৰ্ববংগীয় মুছলমানসকলক লৈ চলিছে ৰাজনীতিঃ অনুপ চেতিয়া

হানিফ আলী আহমেদ, গুৱাহাটী, ২৭ ছেপ্টেম্বৰ :   ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মিঞা সম্প্ৰদায়ৰ লোকসকল ক্ৰমাৎ শিক্ষা-দীক্ষাত আগবাঢ়ি আহিছে। একেদৰে অৰ্থনৈতিকভাৱেও অগ্ৰসৰ হৈছে। কিন্তু তেওঁলোকে আজিও হীনমন্যতাত ভুগি আছে আৰু ইয়াৰ বাবে দায়ী সম্প্ৰদায়টোৰ পৰা নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিসকল। কিয়নো সেইসকল নেতাই ৰাজনৈতিকভাৱে জয়ী হৈ ক্ষমতা লাভ কৰাৰ পিছতেই সাধাৰণ লোকসকলৰ তেজ শুহি গুৱাহাটীত ডাঙৰ ডাঙৰ অট্টালিকা, হোটেল নিৰ্মাণ কৰে। মূলতঃ এনে ৰাজনৈতিক নেতাৰ দ্বাৰাই প্ৰতাৰিত হৈ আহিছে ‘মিঞা’ সম্প্ৰদায়। এই মন্তব্য- বিশিষ্ট সাংবাদিক, সাহিত্যিক-বুদ্ধিজীৱী হাইদৰ হুছেইনৰ। আজি গুৱাহাটী প্ৰেছ ক্লাবত অৱসৰপ্ৰাপ্ত এপিএছ বিষয়া তথা প্ৰাক্তন আৰক্ষী অধীক্ষক আব্দুল কদ্দুছৰ উপন্যাস ‘আত্মাৰ আৰ্তনাদ’ উন্মোচন কৰি হুছেইনে লগতে কয়- ‘আত্মাৰ আৰ্তনাদ’ শীৰ্ষক গ্ৰন্থখনত বিশেষকৈ এই মিঞা সম্প্ৰদায়ৰ আৰ্তনাদ আৰু ইয়াৰ কাৰণসমূহ উপন্যাস আকাৰত সুন্দৰভাৱে উপস্থাপন কৰিছে। ব্ৰহ্মপুত্ৰ চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমানৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত সংযুক্ত মুক্তি বাহিনী, চমুকৈ আলফা (আলোচনাপন্থী)ৰ সম্পাদক অনুপ চেতিয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়, মূৰৰ ঘাম মাটিত পেলাই শ্ৰম কৰি খোৱা ধৰ্মীয় সংখ্যালঘুৰ এই সম্প্ৰদায়টোক অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হিচাপে মানি লোৱাত কোনো প্ৰশ্ন আহিব নালাগে। পূৰ্ববংগীয় মুছলমানসকলক লৈ স্বাধীনতাৰ পিছৰে পৰাই কেৱল ৰাজনীতি চলি আহিছে। ৰাজনীতি চলি অহাৰ বাবেই তেওঁলোকে মানসিক সংঘাতৰ মুখামুখি হৈ আহিছে।  পূৰ্ববংগীয় মুছলমানসকলক সকলোৱে আদৰি ল’ব লাগে। তেওঁলোকক আদৰি লোৱাৰ ক্ষেত্ৰত কোনো শংকা থাকিব নালাগে। মুছলমানসকলে অসমীয়া জাতিটোক ধৰি ৰাখিছে। অসমীয়া হ’বলৈ নিজে আগবাঢ়ি অহা মুছলমানসকলক আদৰি ল’বলৈ কি শংকা থাকিব পাৰে বুলি প্ৰশ্ন কৰে। ইয়াৰোপৰি ব্ৰহ্মপুত্ৰ চিভিল ছ’চাইটীৰ সাধাৰণ সম্পাদক তথা প্ৰকাশক ছাজাহান তালুকদাৰে আঁত ধৰা অনুষ্ঠানটোত প্ৰতিদিন টাইমছৰ কাৰ্যবাহী সম্পাদক খগেন কলিতাই ভাষণ প্ৰসংগত কয় যে উপন্যাসখনৰ লেখক আব্দুল কুদ্দুছ সঁচা অৰ্থত এজন সমাজকৰ্মী। উপন্যাসখনত দেখাত সৰু দিশ এটা সুন্দৰভাৱে তুলি ধৰিছে লেখকে। মানুহৰ ধাৰণাক সুন্দৰভাৱে তুলি ধৰিব পৰাজনেই এজন প্ৰকৃত সাহিত্যিক। লেখকগৰাকীয়ে সংখ্যালঘুৰ বাস্তৱ ছবিখন উপন্যাসখনত তুলি ধৰিছে। অনুষ্ঠানত উপন্যাসখনৰ লেখকে ভাষণ প্ৰসংগত কয় যে যিসকলৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি উপন্যাসখন লিখি উলিওৱা হৈছে, সেইসকল কঠোৰ পৰিশ্ৰমী। কঠোৰ প্ৰৰিশ্ৰমেৰে তেওঁলোকে শস্য উৎপাদন কৰে। তেওঁলোকৰ সমস্যাসমূহ সকলোৱে উপলব্ধি কৰিব লাগে বুলি লেখকগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানেও বক্তব্য দাঙি ধৰে। অনুষ্ঠানটোত ২০২১-২২ বৰ্ষৰ ফুলব্ৰাইট-নেহৰু মাষ্টাৰ্ছ ফেল’শ্বিপৰ জৰিয়তে আমেৰিকাত এলএলএম পাঠ্যক্ৰমৰ সুযোগ লাভ কৰা মানৱাধিকাৰ কৰ্মী,¸ অধিবক্তা আমান ৱাদুদক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সাংবাদিক হানিফ আলী আহমেদে। আব্দুল আলিমে আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই ব্ৰহ্মপুত্ৰ চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতেন খন্দকাৰে। আজিৰ অনুষ্ঠানত গ্ৰন্থপ্ৰেমী ৰূপে উপস্থিত থাকে প্ৰাক্তন উচ্চ শিক্ষা সঞ্চালক দিলোৱাৰ হুছেইন, প্ৰাক্তন মুখ্য অভিযন্তা ছফিউৰ ৰহমান শইকীয়া, প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আব্দুৰ ৰহমান চিকদাৰ, প্ৰাক্তন সেনা বিষয়া মীৰ ছুমেজউদ্দিন আহমেদ, সদৰ কাজী মৌলানা ফখৰউদ্দিন আহমেদ কাছিমী, লেখক ফজল আলী আহমেদ, অৱসৰপ্ৰাপ্ত এছ চি এছ বিষয়া এ এইচ খন্দকাৰ,  লেখিকা ৰমিছা বেগম, সাংবাদিক জ্যেতিৰ্ময় হাজৰিকা, প্ৰাক্তন উপ-সচিব আব্দুল কাছেম, নুৰুল ইছলাম পাৰামাণিক, অধিবক্তাদ্বয় পাৰভেজ ৰহমান, আছাদুল ইছলাম, তোফাইল আহমেদ কদ্দুছকে ধৰি আন বহুজন।